গুৱাহাটী প্ৰেছ ক্লাবত ৰাজু সোণোৱাল দেউৰীৰ সোণোৱাল ভাষাৰ প্ৰথমখন ব্যাকৰণ উন্মোচনঃ গ্ৰন্থ উন্মোচন কৰি প্ৰকাশক সোণোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠানৰ শলাগ বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ

আৱাৰ নিউজ এনই, ২২ ছেপ্টেম্বৰঃ সোণোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত সোণোৱাল ভাষাৰ প্ৰথমখন ব্যাকৰণ আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। জনগোষ্ঠীটোৰ বিশিষ্ট গৱেষক তথা ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্ৰাপ্ত সহকাৰী আয়ুক্ত ৰাজু সোণোৱাল দেউৰীয়ে প্ৰণয়ন কৰা সোণোৱাল ভাষাৰ প্ৰথমখন ব্যাকৰণ "সোণোৱাল ভাষাৰ ব্যাকৰণৰ আদিপাঠ" উন্মোচন কৰে ৰাজ্যৰ বিশিষ্ট সাংবাদিক, পিপুলচ টিভিৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গ্ৰন্থখনৰ প্ৰণেতা ৰাজু সোণোৱাল দেউৰী, 'সোণোৱাল ভাষাত কথা-বতৰা' Sonowal linguistic development foundation প্রতিষ্ঠানৰ সভাপতি ইভান হাজৰীকা, মুখ্য সম্পাদক উৎপল সোণোৱাল, বৃহত্তৰ গুৱাহাটী সোণোৱাল কছাৰী সমাজৰ সভাপতি ৰাজেন দাস, জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, উক্ত কাৰ্যসূচীত 'সোণোৱাল ভাষাত কথা-বতৰা' প্রতিষ্ঠানৰ সহকাৰী সম্পাদক তুষাৰমণি শইকীয়া, বিপুল সোণোৱাল, বিত্ত সম্পাদক ক্ষীৰোদ সোণোৱাল, বিনয় কৃষ্ণ হাজৰীকা আৰু নগেন বাগলাৰী, জয়জ্যোতি গগৈ, দিবাকৰ সোণোৱাল, সুশীল শইকীয়া, প্রদীপ কুমাৰ হাজৰীকা, কল্পনা সোণোৱাল,  লক্ষী প্ৰসাদ চুংক্ৰাং, উমাকান্ত সোণোৱাল, ৰাজকুমাৰ সোণোৱাল আদি উপস্থিত থাকে।

Post a Comment

Previous Post Next Post