আৱাৰ নিউজ এন ই, ৬ এপ্ৰিলঃ সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি গঠনৰ উদ্দেশ্যে বামৰজাবাৰী জামিৰা গাঁৱত অৱস্থিত হালালী সাংস্কৃতিক কেন্দ্ৰত কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰূপ সোনোৱালে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক ৰিপু কছাৰীয়ে। তেওঁ উদ্দেশ্য ব্যাখ্যাত কয় – পূৰ্বতে জিলা সমিতিখন গঠন কৰা হৈছিল যদিও বিভিন্ন কাৰণত নিষ্ক্ৰিয় হৈ যায়। সেইসূত্ৰে পুনৰ এখন নতুন সমিতি গঠন কৰা প্ৰয়োজন। অন্যতম আহ্বায়ক দীপ দিহিং কছাৰীয়ে আঁতধৰা সভাখনত উপস্থিত থাকি সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেঙে কয়-১৯৬৮ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাই জনগোষ্ঠীটোক বিভিন্ন ধৰণে নেতৃত্ব প্ৰদান কৰি আহিছে। সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মূল দাবীদাৰ আছিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা। বৰ্তমান সংগঠনটোৱে জনগোষ্ঠীটোৰ সাংবিধানিক সুৰক্ষা বিচাৰি সংগ্ৰাম অব্যাহত ৰাখিছে। কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিষ্ণু সোনোৱালে কয়- ছাত্ৰ সংগঠনটোৱে বিচ্ছিন্ন হৈ যাবলৈ ধৰা সোনোৱাল কছাৰী লোকসকলক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সোনোৱাল কছাৰী লোকসকলক আত্মিক বান্ধোনেৰে সম্পৰ্ক গঢ়ি তোলাত সংগঠনটোৰ ভূমিকা সৰ্বাধিক। তেওঁ নৱগঠিত শিৱসাগৰ জিলা সমিতিক সাংবিধানিক গণ্ডীৰ ভিতৰত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। সভাখনত বক্তব্য আগ বঢ়ায় - সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য যাদৱ ডেকাবৰুৱা, বিশিষ্ট সমাজকৰ্মী তৰুণ কছাৰী, সোনোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক উৎপল সোনোৱাল, সিদ্ধাৰ্থ সোনোৱাল, ৰিপু কছাৰীয়ে । উপস্থিত থাকে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক চৰিত্ৰ সোনোৱাল, ক্ৰীড়া সম্পাদক মহেন্দ্ৰ সোনোৱাল , বিশিষ্ট সমাজকৰ্মী কুশ সোনোৱাল প্ৰভৃতি। জিন্টু কছাৰীক সভাপতি আৰু নিকিমণি সোনোৱালক সম্পাদক হিচাপে লৈ জিলা সমিতিখন গঠন কৰা হয়।
Tags
শিৱসাগৰ
