আৱাৰ নিউজ এন ই, ৫ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে অভিযান। শনিবাৰে ধুবুৰী আৰক্ষীয়ে চহৰখনৰ ফলিমাৰি বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক গো-মাংসসহ এজনক আটক কৰে। ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত চলা সেই অভিযানটোত আৰক্ষীৰ দলটোৱে প্ৰায় ১১ কিলোগ্ৰাম সন্দেহজনক গো-মাংস সহ ছাহজাহান আলী নামৰ এজন ব্যক্তিক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়।
Tags
ধুবুৰী
