শিৱসাগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ৰাজ্যিক পাঞ্জা সম্পন্ন



আৱাৰ নিউজ এন ই, ৬ জুলাইঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতি উদ্যোগত শিৱসাগৰ নগৰ সমিতিৰ সহযোগত অসম এমেচাৰ আৰ্মৰেচলিং সন্থাৰ তত্বাৱধানত কালি শিৱসাগৰ যুৱদলত তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানি অনুষ্ঠিত হৈ যায়। পুৱা জিলা সচিবপ্ৰধান ব্যাপী গগৈয়ে পতাকা উত্তোলন কৰাৰ পাছতে কেন্দ্ৰীয় সাংগঠনিক সচিব আকিব হুছেইনে শ্বহীদ তৰ্পণ কৰে। আনহাতে সমাজকৰ্মী অপূৰ্ব ভূঞাই প্ৰতিযোগিতা উদ্বোধন কৰে। ইফালে অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মতি জনাই শিৱসাগৰত ৰাজ্যসভাৰ পুঁজিৰে স্থায়ীভাৱে পাঞ্জা আৰু শৰীৰচৰ্চাৰ ক’চিঙৰ ব্যৱস্থা কৰিব বুলি তাৎপৰ্যপূৰ্ণ ঘোষণা কৰে। প্ৰতিযোগিতাত ৬৫ কেজি (জ্যেষ্ঠ)ত প্ৰথম উজ্জ্বল গগৈ, দ্বিতীয় সুদৰ্শন গায়ন, ৭০ কেজি (জ্যেষ্ঠ)ত প্ৰথম ধনঞ্জয় চেতিয়া, দ্বিতীয় আৰ্চিচ খনিকৰ, তৃতীয় সুদৰ্শন গায়ন, ৭৮ কেজি (জ্যেষ্ঠ)ত প্ৰথম বিদ্যুৎ বুঢ়াগোহাঁই, দ্বিতীয় ৰাজশেখৰ দত্ত, তৃতীয় নিৰঞ্জন মিলি, ৭৮ কেজি উৰ্ধ(জ্যেষ্ঠ)ত প্ৰথম পাৰ্থপ্ৰতিম বৰুৱা, দ্বিতীয় নয়নদ্বীপ চিৰিং, তৃতীয় ৰক্তিম গগৈ, ৫৫ কেজি (কনিষ্ঠ)ত প্ৰথম ৰোহিত নায়ক, দ্বিতীয় চোহাম ৰহমান, তৃতীয় জামৰিন দেউৰী, ৭০ কেজি (কনিষ্ঠ) ত প্ৰথম সুদৰ্শন গায়ন, দ্বিতীয় আৰ্চিচ খনিকৰ, তৃতীয় সীমান্ত সন্দিকৈ, ৭০ কেজি ঊৰ্ধ (কনিষ্ঠ)ত প্ৰথম নয়নদ্বীপ চিৰিং, দ্বিতীয় অংকিত চেতিয়া আৰু তৃতীয় স্থান লাভ কৰে আদিত্য হাজৰিকাই। আনহাতে মৰাণৰ পাৰ্থপ্ৰতিম বৰুৱাই ছিনিয়ৰ আৰু ধেমাজিৰ উজ্জ্বল গগৈয়ে জুনিয়ৰ চেম্পিয়ন অৱ দ্যা চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

Post a Comment

Previous Post Next Post