সামাজিক ব্যাধিৰ বিৰুদ্ধে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশেষ সভা



নিউজ ডেস্ক, আৱাৰ নিউজ এন ই, শিৱসাগৰ, ৭ এপ্ৰিলঃ অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকৰ নিৰ্দেশনা অনুসৰি যৌতুক প্ৰথাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ মহিলা কোষ, এন.চি.চি আৰ্মি আৰু নেভিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সচেতনতামূলক সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধ্ৰৱজ্যোতি নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে শিক্ষক গোটৰ সভাপতি পবিত্ৰ বৰাই। সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষা বিনিতা তামুলীয়ে যৌতুক প্ৰথাৰ ভয়াবহতা আৰু ইয়াৰ বিৰুদ্ধে সমাজৰ দায়িত্বৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। শিৱসাগৰ বাৰ এচ'চিয়েচনৰ জ্যেষ্ঠ অধিবক্তা দিপিকা নেওগে সভাখনৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকি যৌতুক প্ৰথাৰ বিভিন্ন কু-প্ৰভাৱৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে আৰু বাস্তৱ জীৱনৰ কিছুমান হৃদয়বিদাৰক ঘটনাৰ উদাহৰণ আগবঢ়াই বিষয়টো অধিক স্পষ্ট কৰে। লগতে তেওঁ যৌতুক প্ৰথাৰ নিষেধাজ্ঞা আইনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত আইনী সচেতনতা বৃদ্ধি কৰে।

সভাখনৰ আঁত ধৰে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদিকা ড° বিজেতা দাসে আৰু উদ্দেশ্য ব্যাখ্যা কৰে মহিলা কোষৰ সম্বন্বয়ক অনন্যা বৰগোহাঁইয়ে।

Post a Comment

Previous Post Next Post