আৱাৰ নিউজ এন ই, শিৱসাগৰ, ২২ ছেপ্টেম্বৰঃ "অসমীয়াৰ বাবে আজি এক চিৰস্মৰণীয় দিন। ১৮৯৯ চনৰ ২২ ছেপ্টেম্বৰৰ দিনটোতেই শিৱসাগৰত জন্মলাভ কৰিছিল বৰ অসমৰ প্ৰথম গৰাকী ডক্টৰেট তথা প্ৰাচ্যতত্ববিদ ময়িদুল ইছলাম বড়াই। তেওঁ নিশ্চিতভাৱে অসমৰ প্ৰথমগৰাকী ডক্টৰেট। আজি এনে এগৰাকী মহান মনীষীৰ নামত প্ৰদান কৰা সাহিত্য বঁটাটিৰ বাবে মোক নিৰ্বাচিত কৰাত মই নিজকে সৌভাগ্যৱান বুলি ভাৱিছোঁ"। এই মন্তব্য ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰাপক তথা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়াৰ।
অৰুণোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত প্ৰদান কৰা "ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা-২০২৬" গ্ৰহণ কৰি উপাচাৰ্যগৰাকীয়ে কয় যে আমি সকলোৱে মনত ৰখা উচিত যে, কোনো এজন মহান ব্যক্তি আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'লেও তেওঁ দি যোৱা দৰ্শন, আদৰ্শ, ত্যাগে পিছৰ প্ৰজন্মৰ বাবে এক প্ৰেৰণা হৈ পৰে। এনে চিন্তাশীল ব্যক্তিসকলৰ সন্দৰ্ভত যেতিয়া আলোচনা বা প্ৰতি আলোচনা আৰম্ভ কৰা হয় তেতিয়া সেই ব্যক্তিৰ মন মগজুক অধ্যয়ন কৰি তেওঁৰ চিন্তাধাৰাক নতুন প্ৰজন্মৰ মাজলৈ কেনেকৈ লৈ যোৱা হয় তাৰ এক প্ৰয়াস এতিয়াও অব্যাহত আছে। ড০ ময়িদুল ইছলাম বড়াই ঢাকাৰ পৰা পাৰ্চী ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এম. এ পাছ কৰাৰ পিছতে তেওঁ পুনৰ উৰ্দু ভাষাতো এম এ পাছ কৰে। এতিয়া কথা হ'ল তেওঁ কিয় উৰ্দু আৰু পাৰ্চী পঢ়িবলগীয়া হ’ল এই বিষয়ে আমাৰ নতুন প্ৰজন্মৰ মাজত এই প্ৰশ্নটো ৰাখিব লাগিব। আমি ড০ ময়িদুল ইছলাম বড়াৰ এই প্ৰৱণতাটোক অধ্যয়ন কৰিলে কব পাৰোঁ যে তেওঁৰ পৃথিৱীৰ বিভিন্ন মানুহৰ লগত যোগাযোগ কৰাৰ ইচ্ছা থকাৰ লগতে বিভিন্ন সংস্কৃতি জনাৰ আগ্ৰহ থকাৰ উপৰি বিভিন্ন দৃষ্টিভংগীৰে পৃথিৱীখন চোৱাৰ তেওঁৰ হেপাহ আছিল। তেওঁ বিভিন্ন ভাষা, সংস্কৃতিৰ পোষকতা কৰা ভিন্ন লোক, ভিন্ন দেশৰ পৰা জ্ঞান আহৰণ কৰি নিজ দেশ, সমাজ কল্যাণৰ সেৱা কৰাৰ যিটো লক্ষ্য বান্ধি লৈছিল সেইয়া এক জ্ঞানৰ সেৱা আছিল। লক্ষ্য আছিল এখন বিকশিত দেশ, সম্প্ৰীতিৰে বান্ধি ৰখা এখন অসমীয়া সমাজ নিৰ্মাণ কৰা আৰু য'ত শিক্ষা প্ৰাপ্তিৰ আধাৰ হ'ব যুক্তিৰ ব্যাপ্তি। তেওঁ কয় যে, বাৰশ খ্ৰীষ্টাব্দৰ সময়চোৱা ভাৰতবৰ্ষৰ পাৰ্চী সাহিত্যৰ যি বিকাশ ঘটিছিল সেইয়া সঁচাকৈয়ে চকুত লগা আছিল। সেই সময়ছোৱাত দিল্লী চুলতান আলাউদ্দিন খিলজিৰ ৰাজসভাৰ বিখ্যাত পাৰ্চী কবি, পণ্ডিত আৰু চুফী সাধক আমিৰ হাচান দেহলবী ১২৫৩ চনত জন্ম গ্ৰহণ কৰিছিল। কথা হ’ল ড০ ময়িদুল ইছলাম বড়াই তেনে এগৰাকী ব্যক্তিৰ জীৱন কৰ্মৰ প্ৰকৃত মূল্যায়ন কৰি তেওঁৰ গৱেষণা গ্ৰন্থখন প্ৰস্তুত কৰিব বিচাৰিছিল। মাধৱ কন্দলী, ৰুদ্ৰ কন্দলী অথবা কবিৰত্ন সৰস্বতীতকৈ বহু আগৰ আমিৰ হাচান দেহলবীৰ সেই যুগৰ পাৰ্চী কবি, পণ্ডিত গৰাকীৰ ওপৰত আগ্ৰহ কৰি যি গৱেষণা পত্ৰ ড০ ময়িদুল ইছলাম বড়াই লিখিলে ই অতিকৈ গুৰুত্বপূৰ্ণ আৰু ই নতুন প্ৰজন্মৰ বাবে ই এক গৱেষণাৰ বিষয় বুলি উপাচাৰ্যগৰাকীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে ড০ ময়িদুল ইছলাম বড়া পদ্ধতিগতভাৱে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া। দিল্লীৰ প্ৰখ্যাত চুফিবাদী কবি আমিৰ হাছান দিহলবীৰ জীৱন আৰু কৰ্মৰ আধাৰত তেখেতে গৱেষণা কৰি লন্ডন বিশ্ববিদ্যালয়ৰ পৰা ময়িদুল ইছলাম বড়াই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। লন্ডন বিশ্ববিদ্যালৰ প্ৰফেছাৰ ডেনিচন ৰচৰ তত্বাৱধানত ড০ ময়িদুল ইছলাম বড়াই গবেষণা কৰি প্ৰথমগৰাকী ডক্টৰেটৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ড০ ময়িদুল ইছলাম বড়া কেৱল প্ৰথম ডক্টৰেটেই নহয় তেখেত হৈছে প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য। ১৯৪৩ চনত সেই সময়ৰ ঢাকা বিশ্ববিদ্যালয়ৰ পাৰ্চী আৰু উৰ্দু বিভাগৰ প্ৰধান প্ৰাধ্যাপক ময়িদুল ইছলাম বড়াই নিজৰ যোগ্যতাৰ বলত ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য পদলৈ পদোন্নতি লাভ কৰিছিল। পাৰ্চী আৰু উৰ্দু ভাষাৰ বিদগ্ধ পণ্ডিত ময়িদুল ইছলাম বড়া আছিল অখন্ড ভাৰতৰ প্ৰৱক্তা। দেশ বিভাজনৰ বিৰোধিতা কৰা ময়িদুল ইছলাম বড়াৰ সৈতে পাকিস্তানৰ জাতিৰ পিতা মহম্মদ আলী জিন্নাৰ তীব্ৰ সংঘাত হৈছিল। যাৰ ফলশ্ৰুতিত অতি কম বয়সতে লক্ষ্নৌৰ ইতিহাস সন্মিলনত ভাষণ দিয়াৰ পিছত কোনো অচিনাক্ত দুৰ্বৃত্তই এগিলাচ বিষযুক্ত গাখীৰ আগবঢ়াই দিছিল ড০ বড়াক। এই গাখীৰ পান কৰাৰ পিছতেই ড০ ময়িদুল ইছলাম বড়াৰ কৰুণ মৃত্যু ঘটিছিল। তেনে এগৰাকী ব্যক্তি আছিল এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ বুৰঞ্জীবিদ। ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়তে তেখেতে সম্ৰাট জাহাঙ্গীৰ আৰু ছাহজাহানৰ ৰাজত্ব কালত অসম বঙ্গ বিহাৰ আৰু উৰিষ্যাত হোৱা মোগলৰ আক্ৰমণৰ বিস্তৃত ইতিহাস বাহাৰিস্তান ই গায়েবী খন পাৰ্চী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি সুখ্যাতি লাভ কৰিছিল বুলি ড০ জ্যোতিপ্ৰসাদ শইকীয়াই উল্লেখ কৰে। আজি শিৱসাগৰ প্ৰেছ ক্লাৱ সভাকক্ষ
অৰুণোদয় সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ তৰফৰ পৰা অনুষ্ঠিত কৰা বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য
সন্তোষ দত্তই। আদৰণি ভাষণ প্ৰদান কৰে অৰুণোদয় সাহিত্য সভাৰ সভাপতি মণিৰুল ইছলাম বড়াই। দিনৰ ১০-৩০ বজাত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰাপক ড০ জ্যোতি প্ৰসাদ শইকীয়াক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই। এই বঁটা প্ৰদান কৰি উপাচাৰ্যগৰাকীয়ে কয় যে - স্বাধীনোত্তৰ ভাৰতৰ এগৰাকী আগশাৰীৰ বুৰঞ্জীবিদ, পাৰ্চী আৰু উৰ্দু সাহিত্যৰ একনিষ্ঠ পণ্ডিত আছিল ড০ ময়িদুল ইছলাম বড়া। স্কুলীয়া জীৱনতে অগাধ পাণ্ডিত্যৰ পৰিচয় দিবলৈ সক্ষম হোৱা ময়িদুল ইছলাম বড়াই কটন কলেজত প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি ঢাকা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত পাৰ্চী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। একেটা বছৰতে তেওঁ আইন পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছতে ঢাকা বিশ্ববিদ্যালয়তে কিছু দিন অধ্যাপনা কৰি ড০ বড়াই লণ্ডনলৈ যায়। লণ্ডন বিশ্ববিদ্যালয়তে গৱেষণা কৰি তেওঁ অসমৰ প্ৰথম ডক্টৰেট হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। ঢাকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বত থকাৰ সময়তে ১৯৪০ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰে। ড০ ময়িদুল ইছলাম বড়া অসম সাহিত্য সভাৰ সভাপতিসকলৰ ভিতৰত সৰ্ব কনিষ্ঠ সভাপতি আছিল। ড০ ময়িদুল ইছলাম বড়া আছিল এগৰাকী উদাৰ ধৰ্মনিৰপেক্ষ দেশ প্ৰেমিক । অসম সাহিত্য সভাৰ মজিয়াতে তেওঁ কৈছিল হিন্দু আৰু মুছলমান ভাৰতৰ সন্তান। আমি একেলগে আছোঁ আৰু থাকিব লাগিব। আমাৰ মাজত যাতে কোনেও বিভেদ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰতিজন অসমীয়া সতৰ্ক হ'ব লাগিব। আমাৰ লেখকসকলে তেওঁলোকৰ লিখনিৰ যোগেদি সমন্বয় আৰু সম্প্ৰীতিৰ ভাব অক্ষুণ্ণ ৰাখে তাৰ বাবে চেষ্টা কৰা উচিত। স্বদেশ প্ৰেম কোনো জাতি, ধৰ্ম, সম্প্ৰদায়ৰ একচেটিয়া সম্পত্তি নহয় বুলিও ময়িদুল ইছলাম বড়াই সাহিত্য সভাৰ অভিভাষণত উল্লেখ কৰা বুলি উপাচাৰ্য জিতেন হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে। বঁটা প্ৰদান অনুষ্ঠানৰ সঞ্চালনা কৰে বিশিষ্ট কবি সাহিত্যিক প্ৰেম গগৈয়ে। এই সভাত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাৰ পূৰ্বে ড০ ময়িদুল ইছলাম বড়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চিন্তাশীল লেখক দেৱ হাজৰিকাই। ইয়াৰ লগতে চিৰ চেনেহী মোৰ ভাষা জননী গীতৰে সভাৰ শুভাৰম্ভণি কৰা হয়।
