শিৱসাগৰত দবাৰ গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিঙৰ আয়োজন



আৱাৰ নিউজ এন ই, ১৪ জুনঃ সদৌ অসম দবা সন্থাৰ উদ্যোগত সৰ্বভাৰতীয় দবা মহাসংঘৰ সহযোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দবা খেলুৱৈসকলৰ বাবে অহা ২৭-২৯ জুনত তিনিদিনীয়া কাৰ্য্যসূচীৰে শিৱসাগৰ শিষ্যাজ কিউৰ এন কেয়াৰত অনুৰ্দ্ধ ১১, ১৩, ১৫ আৰু ১৭ বছৰ (ল'ৰা-ছোৱালী) শাখাৰ দবা খেলুৱৈৰ বাবে গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিঙৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি শিৱসাগৰ চেছ একাডেমীত শিৱসাগৰ জিলা দবা সন্থা আৰু চৰাইদেউ জিলা দবা সন্থাৰ যুটীয়া বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকত শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদক স্বৰাজ বুঢ়াগোহাঁই, চৰাইদেউ জিলাৰ সভাপতি, সম্পাদক ক্ৰমে তেজবাহাদুৰ নেৱাৰ আৰু যতীন চেতিয়া উপস্থিত আছিল। আজিৰ বৈঠকত শিৱসাগৰত প্ৰথম বাৰৰ বাবে গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিঙৰ আয়োজন কৰা বাবে সদৌ অসম দবা সন্থাক ধন্যবাদ জ্ঞাপন কৰা হয়। শিৱসাগৰলৈ আহিব লগা গ্ৰেণ্ডমাষ্টাৰজনে দুটা গ্ৰুপত ৩০ জনকৈ মুঠ ৬০ জন খেলুৱৈক দিনে ছয় ঘণ্টাকৈ প্ৰশিক্ষণ প্ৰদান কৰিব। এইবছৰ আন্তঃজিলা দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা, ফিডে ৰেটিং প্ৰাপ্ত আৰু জিলা চেম্পিয়নসকলেহে গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিঙৰ সুযোগ লাভ কৰিব বুলি ভাৰত শৰ্মাই জনাইছে।

Post a Comment

Previous Post Next Post