আৱাৰ নিউজ এন ই, ৬ এপ্ৰিলঃ শিৱসাগৰৰ 'অন্তৰংগ আলাপ'ৰ উদ্যোগত যোৱা ৪ এপ্ৰিলত নগৰৰ হিন্দু ধৰ্মসভা নামঘৰৰ প্ৰেক্ষাগৃহত 'সীতাৰ সয়ম্বৰ ভূগুৰামৰ দর্পচূর্ণ' শীৰ্ষৰ এখনি ভাওনা প্ৰদৰ্শন হৈ যায়। উক্ত দিনা মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী হৰি হাজৰিকাই। পুষ্পলতা গগৈয়ে আঁত ধৰা অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। দেৱবালা গগৈ মুখ্য ব্যৱস্থাপনা, পুষ্পলতা গগৈ সহকাৰী ব্যৱস্থাপনা আৰু কুকিল দত্তৰ মুখ্য পৰিচালনাত পৰিৱেশিত ভাওনাৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে অদ্রিজা গগৈ, স্নেহা বৰুৱা, বিনু দত্ত, শিখাপ্রিয়া দাস, ৰাজশ্রী বৰুৱা, ৰাজশ্রী দত্ত, দেৱলক্ষী দাস, অন্বেষা গগৈ, মৰমী ভূঞা, ভানু গগৈ, পূজা দাস, ৰিমজিম, মনমী দত্ত, জয়শ্রী বৰা দত্ত, আইনু গগৈ নেওগ, নীহাৰিকা বৰুৱা, মীনা কৰ্মকাৰ, অঞ্জিমা পাঠক, মুনু শর্মা পাঠক, দেৱবালা গগৈ, বিশ্বামিত্র শিষ্য, প্রিয়ানিকা দাস, আৰাধ্যা সন্দিকৈ, ৰীতা নেওগে। উল্লেখ্য যে, ২০১২ চনত শিৱসাগৰৰ হিন্দু ধর্মসভা নামঘৰত গঠন হৈছিল 'অন্তৰংগ আলাপ' অনুষ্ঠানটি। য'ত নাই কোনো জাতি-ধর্মৰ ভেদাভেদ, বয়সৰ সীমাবদ্ধতা, বর্ণ-বৈষম্য- লিংগ বিভাজন- আছে মাথোঁ ৰং-ৰহইচ, খেল-ধেমালি, কৌতুক-অভিনয়, সাহিত্য-সংস্কৃতিৰ সোণসেৰীয়া মেলা। ২০১৫ চনত 'অন্তৰংগ আলাপ'ৰ উদ্যোগত শিৱসাগৰ নাট্যসমাজৰ সহযোগত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী, লেখিকা, নাট্যকাৰ, নাট্যশিল্পী, অভিনেত্রী, পৰিচালিকা আৰু শিৱসাগৰৰ প্ৰায় প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত সৰবৰাহী মহিলা দেৱবালা গগৈৰ ব্যৱস্থাপনাত শিৱসাগৰত পোন প্ৰথমবাৰৰ বাবে মহিলাসকলৰ দ্বাৰা "দক্ষ যজ্ঞ” ভাওনা প্রদর্শন কৰোৱাই দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰিছিল। তেওঁৰ বলিষ্ঠ ব্যৱস্থাপনাত দ্বিতীয়বাৰৰ বাবে ২০১৯ চনৰ ৭ এপ্রিলত কেৱল মহিলা শিল্পীসকলৰ দ্বাৰা অভিনীত গুৰুজনাৰ অনুপম সৃষ্টি 'বিপ্র দামোদৰ আখ্যান, দস্তবক্ৰৰ মুক্তিলাভ' নামৰ ভাওনা প্ৰদৰ্শন কৰা হৈছিল বুলি জানিবলৈ দিয়ে।
Tags
শিৱসাগৰ
