আৱাৰ নিউজ এন ই, ১৪ জুনঃ শিৱসাগৰত আজি ডেগ্ৰন মাউ-আ-টে-কা, চিট-ৰিউ কেৰাটে একাডেমীৰ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। আজিৰ দিনটোতে প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ৰঙৰ পেটীৰ পৰীক্ষা অনুষ্ঠিত কৰে। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে ক'লা পেটী সপ্তম ডিগ্ৰী প্ৰাপ্ত প্ৰশিক্ষক তথা অসম ৰাজ্যিক কেৰাটেৰ উপাধ্যক্ষ জিতেন চৌধুৰীয়ে। তেওঁ সংবাদমাধ্যমৰ সন্মুখত কয় যে, যোৱা বছৰ আমাৰ ষ্টেট চেম্পিয়নশ্বিপত বহুতকেইজনে পদক সক্ষম কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ উদ্দেশ্য হ'ল যে ল'ৰা-ছোৱালীক ভালকৈ ট্ৰেইনিং দি সমাজখনত আজিৰ দিনত যিবোৰ নিচাযুক্ত বস্তু চলি আছে সেইবোৰৰ পৰা কেনেকৈ আমি ল'ৰা-ছোৱালীক মুক্ত কৰি ৰাখিব পাৰো। কাৰাটে প্ৰশিক্ষণটো এনেকুৱা এটা বস্তু যিটোৰে আমাৰ সমাজখন ভাল হ'ব, আমাৰ উঠি অহা প্ৰজন্ম ভাল হ'ব আৰু ভৱিষ্যতে সমাজখন সুস্থ, সবল হ’ব। যিবিলাক ল'ৰা-ছোৱালীয়ে কাৰাটে প্ৰশিক্ষণ লয়, তেওঁলোকৰ এটা সুন্দৰ স্বভাৱ এটা লয় বুলি মন্তব্য কৰে। ডেগ্ৰন একাডেমীত প্ৰশিক্ষণৰত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিশেষ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশ্ব ৰক্তদাতা দিৱসৰ দিনটোত ৰক্তদানো কৰে একাডেমীৰ সৈতে জড়িত ব্যক্তিসকলে।
শিৱসাগৰত ড্ৰেগন একাডেমীৰ প্ৰতিষ্ঠা দিৱস- প্ৰশিক্ষণ সম্পন্ন
byAdmin
-
0
