গড়গাঁও মহাবিদ্যালয়ত (স্বায়ত্তশাসিত) বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন

আৱাৰ নিউজ এন ই, ২৩ মে’: শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ প্ৰাণীবিজ্ঞান বিভাগে আভ্যন্তৰীণ মান নিৰূপন কোষ গড়গাঁও মহাবিদ্যালয় আৰু ১১ অসম বি এন এন চি চি সহযোগত জৈৱ বৈচিত্ৰ্যৰ বিষয়ত এক তথ্যচিত্ৰ প্ৰদৰ্শন কাৰ্যসূচীৰ জৰিয়তে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন কৰে। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰী আৰু কেডেটসকলৰ মাজত  জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পৰিৱেশ ভাৰসাম্য বজাই ৰখাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট শিক্ষাবিদ, প্ৰবন্ধকাৰ, কবি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ সজাগতা সৃষ্টিৰ বাবে লোৱা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে আয়োজকসকলক শলাগ লয়৷। কাৰ্যসূচীৰ আৰম্ভণিতে গড়গাঁও মহাবিদ্যালয়(স্বায়ত্তশাসিত)ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড°পিমিলি লাংথাছাই বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য আৰু বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। এই উপলক্ষে ভাষণ প্ৰাণীবিজ্ঞান বিভাগৰ ড০ ৰশ্মি দত্তই প্ৰকৃতি সুৰক্ষা আৰু অঞ্চলটোৰ চহকী জৈৱ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে। প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ অনুৰাগ প্ৰতীম দাসে স্থানীয় জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ ব্যৱস্থাৰ প্ৰতি বৰ্তমানৰ ভাবুকিৰ ওপৰত আলোকপাত কৰে। প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা দীপশিখা মহনেও স্থানীয় আৰু বিশ্ব পৰ্যায়ত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়। এই কাৰ্যসূচীৰ সময়ত বিশ্বব্যাপী আৰু স্থানীয় জৈৱ বৈচিত্ৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়, যত বিভিন্ন পৰিৱেশ তন্ত্ৰ, বিপন্ন প্ৰজাতি, সংৰক্ষণৰ প্ৰচেষ্টা, আৰু পৰিৱেশৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ প্ৰদৰ্শন কৰা হয়। এই তথ্যচিত্ৰই অংশগ্ৰহণকাৰীসকলক আকৰ্ষিত কৰিছিল৷ ইয়াৰ লগতে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম জীৱন-যাপনৰ প্ৰেৰণা যোগায়৷ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পৰিৱেশ বহনক্ষমতাৰ দিশত কাম কৰাৰ সামূহিক প্ৰতিশ্ৰুতিৰে অনুষ্ঠানটোৰ সামৰণি পৰে৷

Post a Comment

Previous Post Next Post