আৱাৰ নিউজ এন ই, ১৪ জুনঃ বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ চি আৰ পি এফ ১৪৯ বি এন শিবিৰৰ জোৱানসকলে ৰক্তদান কৰে। দেশৰ নিৰাপত্তা ৰক্ষা কৰা সমান্তৰালকৈ এনেদৰে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিল একাংশ চি আৰ পি এফ জোৱান। সতী জয়মতী স্মৃতি বিজড়িত জয়সাগৰ পুখুৰীপাৰস্থিত চি আৰ পি এফ শিবিৰত অনুষ্ঠিত কৰা বিশ্ব ৰক্তদাতা দিৱসত দেখিবলৈ পোৱা গ'ল এই দৃশ্য। জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত এই ৰক্তদান শিবিৰ সম্পন্ন কৰা হয়। অনাগত দিনসমূহতো এনেদৰে ৰক্তদান কৰি যাব বুলি 2nd In Commandant বি.কে. শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰে।
বিশ্ব ৰক্তদান দিৱসত শিৱসাগৰত চি আৰ পি এফ ১৪৯ বি এন শিবিৰৰ জোৱানৰ ৰক্তদান
byAdmin
-
0
