শিৱসাগৰত নৱ-নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক আটাছুৰ সম্বৰ্ধনা


আৱাৰ নিউজ এন ই, শিৱসাগৰ, ১৭ মে’ : নাজিৰা বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আজি শিৱসাগৰ যুৱদলত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিধায়ক ময়ূৰ বৰগোহাঁয়ে আবেগত উচুপি উঠি কয় যে, আটাছুৰ পবিত্ৰ মঞ্চৰ পৰাই পৰ্যায়ক্ৰমে আগবাঢ়ি আহি তেওঁ এই পৰ্যায় পাইছেহি- এই অনুভৱ ভাষাৰে বুজাব নোৱাৰি। এই আপাহতে তেওঁ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াকো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অহা সময়ছোৱাত আহোম জনগোষ্ঠীটোৰ পাপ্য অধিকাৰৰ বাবে মাত মাতি যাব। আনহাতে সমান্তৰালভাৱে প্ৰতিটো জনগোষ্ঠী সমানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো চেষ্টা কৰিব বুলি মন্তব্য কৰে। তেওঁৰ এই যাত্ৰাত বসন্ত গগৈৰ অৰিহণা স্বীকাৰ কৰে। আনহাতে আটাছুৰ সভাপতি বসন্ত গগৈয়ে আজিৰ দিনটো আটাছুৰ পৰিয়ালৰ বাবে অতিকে গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে, ৩৭ বছৰীয়া সংগ্ৰামৰ পাছত পৰিয়ালটোৰ দুজনকৈ সদস্য ময়ূৰ বৰগোহাঁই আৰু সুৰুজ দিহিঙীয়াই বিধানসভাত পদাৰ্পন কৰিছে। তেওঁক আজি সামান্য মৰম-চেনেহ যঁচা হৈছে। অনাগত সময়ত যাতে বিধানসভাৰ মজিয়াত জনগোষ্ঠীটোৰ হকে মাত মাতি যায় তাৰেই আশা কৰে। আজিৰ অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈ, যুটীয়া সম্পাদক অচ্যুত বৰগোহাঁই, দিগন্ত চাংমাই, জিলা সভাপতি অখিল আহোম, কাৰ্যকৰী সভাপতি মাধুৰ্য গগৈ, যুটীয়া সম্পাদক পাৰ্থজ্যোতি বৰগোহাঁই, দেৱজিৎ চাংমাইকে ধৰি জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।  

Post a Comment

Previous Post Next Post