শিৱসাগৰৰ জয়সাগৰত উজনি অসমৰ প্ৰথমটো মাল্টিমিডিয়া প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধনঃ ২ডি- ৩ডি এনিমেচন, গ্ৰাফিক ডিজাইন, ৩ডি প্ৰিণ্টিং, গেম ডেভেলপমেণ্টৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা




আৱাৰ নিউজ এন ই, ১৪ মে’ : উজনি অসমৰ ছাত্ৰ-ছাত্ৰীসকলক আধুনিক কাৰিকৰী শিক্ষা আৰু দক্ষতাভিত্তিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে জয়সাগৰৰ জয়ানগৰত আজি “ইনষ্টিটিউট অৱ মাল্টিমিডিয়া” নামৰ এটা নতুন শিক্ষাকেন্দ্ৰ উদ্বোধন কৰা হয়। প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ তথা জয়সাগৰৰ বাসিন্দা অধ্যাপক তাৰা প্ৰসন্ন ফুকনে কয় যে আধুনিক যুগত প্ৰয়োজনীয় কাৰিকৰী জ্ঞান আৰু পেছাদাৰী দক্ষতা লাভৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানখনে শিক্ষাৰ্থীসকলক বিশেষভাৱে সহায় কৰিব। তেওঁ লগতে উল্লেখ কৰে যে চিকিৎসা বিজ্ঞান, ঐতিহাসিক স্মৃতিসৌধ সংৰক্ষণ আদি বহু উন্নত ক্ষেত্ৰত 3D প্ৰিণ্টিং প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ থাকিলেও উত্তৰ-পূৰ্বাঞ্চলত এতিয়াও এই প্ৰযুক্তিৰ বিষয়ে সচেতনতা আৰু ব্যৱহাৰ অত্যন্ত সীমিত। নতুনকৈ স্থাপিত এই প্ৰতিষ্ঠানখনে অঞ্চলটোৰ প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ বাবে এক নতুন দিশ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই ধৰণৰ বিশেষ প্ৰশিক্ষণ লাভ কৰিবলৈ বহু শিক্ষাৰ্থীক অসমৰ বাহিৰলৈ যাবলগীয়া হৈছিল। প্ৰতিষ্ঠানখনত প্ৰদান কৰা পাঠ্যক্ৰমসমূহ বৰ্তমান ভাৰত তথা বিদেশতো অত্যন্ত চাহিদাসম্পন্ন, যাৰ ফলত যুৱ প্ৰজন্মৰ বাবে নতুন কৰ্মসংস্থাপনৰ সম্ভাৱনা সৃষ্টি হ’ব। প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক অনুভৱ বৰা আৰু শৈক্ষিক সঞ্চালক  কৌশিক বৰগোহাঞিয়ে জনাই যে, এই উন্নত মাল্টিমিডিয়া আৰু ডিজিটেল প্ৰযুক্তি শিক্ষাই উজনি অসমলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই কেন্দ্ৰটি স্থাপন কৰা হৈছে। উজনি অসমত এনে ধৰণৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে ইয়াত 2D আৰু 3D এনিমেচন, গ্ৰাফিক ডিজাইন, 3D প্ৰিণ্টিং, গেম ডেভেলপমেণ্ট আৰু ডিটিপিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। এই ক্ষেত্ৰখনত পোন্ধৰটা বছৰৰ অভিজ্ঞতাসম্পন্ন কৌশিক বৰগোহাঞিৰ লগতে প্ৰতিষ্ঠানখনৰ সৈতে জড়িত আন এজন বিশেষজ্ঞ হৈছে ঋষি বৰা, যি 2D আৰু 3D প্ৰিণ্টিং প্ৰযুক্তিত সুপ্ৰশিক্ষিত আৰু শিক্ষাৰ্থীসকলক ব্যৱহাৰিক শিক্ষাত দিশ নিৰ্দেশনা আগবঢ়াব। কেন্দ্ৰটিৰ স্বত্বাধিকাৰী অনুভৱ বৰাই অঞ্চলটোত কাৰিকৰী শিক্ষা আৰু ডিজিটেল সৃষ্টিশীলতা বিকাশৰ ক্ষেত্ৰত তেওঁ চিন্তাক অভিভাৱক আৰু ৰাইজে আদৰি ল’ব বুলি তেওঁ আশাবাদী।

Post a Comment

Previous Post Next Post