নিউজ ডেস্ক, শিৱসাগৰ, ৪ মে': দুই প্ৰাক্তন বিধায়কক ৰণত পেলাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হ'ল অখিল গগৈ। ১২৬ টা সমষ্টিৰ ভিতৰত অধিক চৰ্চাত থকা শিৱসাগৰ সমষ্টিৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ৰাজ্যৰ অন্যতম হাই প্ৰফাইল সমষ্টিটোত নিকটতম প্ৰতিদ্বন্দী বিজেপিৰ কুশল দুৱৰীক হৰুৱাই ১৭২৭২ টা ভোটৰ ব্যৱধানত হৰুৱাই সমষ্টিটোৰ পৰা জয়ী হ'ল ৰাইজৰ দলৰ সভাপতিগৰাকী। ৯৬ নং শিৱসাগৰ বিধানসভাৰ পৰা এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল তিনিগৰাকীকৈ প্ৰাক্তন বিধায়ক ক্ৰমে শিৱসাগৰৰ পূৰ্বৰ বিধায়ক অখিল গগৈ, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত অনুষ্ঠিত ভোটগণনাত প্ৰথমাৱস্থাত প্ৰথম দুটা ৰাউণ্ডলৈকে থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে অগ্ৰগতি লাভ কৰিছিল যদিও পৰৱৰ্তী ৰাউণ্ডসমূহত অগ্ৰগতি লাভ কৰি অখিল গগৈয়ে কুশল দুৱৰীক পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। অখিল গগৈয়ে ৮৬৫২১ টা ভোট লাভ কৰাৰ বিপৰীতে কুশল দুৱৰীয়ে লাভ কৰিলে ৬৯২৪৯ টা ভোট। আনহাতে ১৪৭৫৭ টা ভোট লাভেৰে তৃতীয় স্থানত ৰ'ল অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা। শিৱসাগৰ সমষ্টিৰ পৰা বিজেপিৰ অনেক প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত প্ৰথমতে এন ডি এৰ তৰফৰ পৰা অগপৰ প্ৰদীপ হাজৰিকাক টিকট প্ৰদান কৰা হৈছিল। যাক লৈ সমষ্টিটোত বিজেপিৰ কৰ্মীসকল ক্ষুণ্ণ হৈ পৰিছিল। আনহে নালাগে বিজেপি দলৰ টিকটৰ অন্যতম দাবীদাৰ কুশল দুৱৰীক নিৰ্দলীয়ভাৱে প্ৰক্ষেপ কৰাৰ কথাও ঘোষণা কৰে সমৰ্থকসকলে। অন্তিম সময়ৰলৈকে যুঁজ দিয়াৰ অন্তত কুশল দুৱৰীয়ে মনোনয়ন দাখিলৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে বিজেপিৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছতে সমষ্টিটোত ত্ৰিকোণীয় যুঁজ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই মূল যুঁজ অখিল গগৈ আৰু কুশল দুৱৰীৰ মাজতেই যে হ'ব সেয়া স্পষ্ট ৰূপত পৰিস্ফূট হৈ পৰা দেখা গ'ল। নিৰ্বাচনী প্ৰচাৰ সভাত দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত আৰম্ভ হোৱা তৰ্কযুদ্ধই অধিক চৰ্চা লাভ কৰিছিল সমষ্টিটোত। প্ৰায় প্ৰতিখন প্ৰচাৰ সভা আৰু সংবাদমাধ্যমত দুয়ো দুয়োকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দৃশ্যই অধিক উত্তেজনাময় কৰি তুলিছিল সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ। শিৱসাগৰৰ লখিমী নগৰ এম ই স্কুলৰ ভোটদান কেন্দ্ৰত ভোটদান কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পঞ্চাশ হাজাৰ ভোটত বিজয়ী হ’ব বুলি মন্তব্য কৰিছিল। আনহাতে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত ভোটদান কৰি প্ৰথমবাৰৰ বাবে শিৱসাগৰত বিজেপিয়ে হাঁহি মাৰিবলৈ সক্ষম হ’ব বুলি নিশ্চয়তাৰে মন্তব্য কৰিছিল। ঠিক সেইদৰে অগপ দলৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই আমগুৰি ভূঞাহাট প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি সকলোৱে দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সময় বুলি নিজৰ মত ব্যক্ত কৰিছিল। কিন্তু সকলোৰে স্বপ্ন ভংগ কৰি আজি বিজয়ৰ শেষ হাঁহি মাৰিলে অখিল গগৈয়ে।
অখিল গগৈয়ে জয়লাভ কৰি সংবাদমাধ্যমৰ সন্মুখত কয় যে, উজনি অসমৰ পৰা বিৰোধী দলৰ হৈ ময়েই জয়ী হৈছো৷ আমাৰ দলৰ পৰা যোৱাবাৰ এজন আছিলো, এইবাৰ ধিং সমষ্টিৰ পৰা মেহবুব মুখতাৰ জয়ী হৈছে৷ আনহাতে সামগ্ৰিকভাৱে বিৰোধীয়ে পৰাজয় বৰণ কৰাৰ কথা উল্লেখ কৰি কয় যে, আমি বিৰোধীপক্ষই ভয়ানকভাৱে লোকচানৰ সন্মুখীন হৈছো৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰাজয় অতিকে দুৰ্ভাগ্যজনক৷ অসমৰ মানুহে বিচাৰিছে, আমাৰ ক’বলগীয়া একো নাই৷ এইবাৰ বিধানসভাত মোৰ যুঁজখন অতি কঠিন হ’ব বুলি মন্তব্য কৰে৷ শিৱসাগৰবাসীক ধন্যবাদ জনাই পুনৰ কয় যে, যোৱাবাৰ জে’লৰ পৰা মোক জিকাই পঠিয়াইছিল, এইবাৰ বাহিৰত থকাৰ পাছতো জিকাইছে৷ শিৱসাগৰক লৈ তেওঁৰ প্ৰথম পৰিকল্পনা সন্দৰ্ভত কয় যে, ৰংঘৰ প্ৰকল্পৰ আধৰুৱা কাম সম্পূৰ্ণ কৰা৷ তলাতল ঘৰৰ প্ৰকল্প এটাও অনাৰ কথা জানিবলৈ দি নলা-নৰ্দমাকে আদি কৰি শিৱসাগৰৰ উন্নয়ন কৰিব বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য যে এইবাৰ শিৱসাগৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,০৯,৯৭৬ গৰাকী। ইয়াৰে ১,০৩,৪৮৪ গৰাকী পুৰুষ, ১,০৬,৪৯১ গৰাকী মহিলা ভোটাৰ আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ। ইফালে পোষ্টেলত শিৱসাগৰ সমষ্টিৰ পৰা ২১৬৮ গৰাকীয়ে ভোটদান কৰিছিল। কিন্তু নিৰ্বাচন আয়োগৰ ভুলৰ বাবে শিৱসাগৰৰ প্ৰায় দুই সহস্ৰাধিক আশী উৰ্ধৰ ভোটাৰে ভোটদান কৰাত বিফল হৈছিল। সমষ্টিটোত ‘আপ’ৰ তপন গগৈ, নিৰ্দলীয় প্ৰাৰ্থী ৰূপক ভূঞা, হেমন্ত বৰুৱা, ভবেন্দ্ৰ নাথ মহন, ৰাজকুমাৰ দুৱৰাও প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।
