বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজৰ পৰিদৰ্শন শিৱসাগৰ জিলা উপায়ুক্তৰ

 



আৱাৰ নিউজ এন ই, ৩ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল য়াদৱ কালি শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত উপস্থিত হৈ জিলাখনত অসম বিধানসভাৰ সমাগত সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ উদ্যোগত অব্যাহত থকা বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজৰ বিষয়ে বুজ লয়। পৰিদৰ্শন কালত তেখেতে আন্তঃগাঁথনি তথা আনুষংগিক নিৰ্মাণ কাৰ্যৰ বিস্তৃত খতিয়ান গ্ৰহণ কৰাৰ লগতে বৰ্ডিং খেলপথাৰত স্থাপন কৰি থকা পৰিবহন কোষৰ নিৰ্মাণকাৰ্যৰ বিভিন্ন কাৰিকৰী তথা ব্যৱহাৰিক দিশ সম্পৰ্কেও আলোচনা কৰে। এই সন্দৰ্ভত তেখেতে বিভিন্ন বাস্তৱসন্মত পৰামৰ্শও বিভাগীয় বিষয়াসকলক প্ৰদান কৰে। জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ পৰিদৰ্শন কালত অতিৰিক্ত জিলা আয়ুক্ত (আন্তঃগাঁথনি) লুকুমণি বড়া প্ৰমুখ্যে সংশ্লিষ্ট বিভাগীয় বিষয়া- কৰ্মচাৰীসকলক উপস্থিত থাকে।

Post a Comment

Previous Post Next Post