শিৱসাগৰত দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন




আৱাৰ নিউজ এন ই, ৩ এপ্ৰিলঃ অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ নিৰ্দেশনা মৰ্মে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন- ২০২৬ৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাৰ ৯৫-ডিমৌ, ৯৬-শিৱসাগৰ আৰু ৯৭-নাজিৰা বিধানসভা সমষ্টিৰ বাবে ই.ভি.এম. আৰু ভিভিপেটসমূহৰ কমিচনিং প্ৰক্ৰিয়া শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত সম্পন্ন কৰা হয়। উক্ত প্ৰক্ৰিয়া সংশ্লিষ্ট সমষ্টিসমূহৰ ৰিটাৰ্নিং বিষয়াসকলৰ তত্ত্বাৱধানত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচনী প্ৰাৰ্থীসকল আৰু তেওঁলোকৰ প্ৰতিনিধিসকলক কমিচনিঙৰ সময়সূচী সন্দৰ্ভত আগতিয়াকৈ অৱগত কৰা হৈছিল যাতে তেওঁলোকে কমিচনিং প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰাৰ লগতে মক্ প’ল প্ৰক্ৰিয়াতো সফলভাৱে অংশগ্ৰহণ কৰিব পাৰে। কমিচনিং প্ৰক্ৰিয়াৰ সময়ত বেলট ইউনিট, কন্ট্ৰ’ল ইউনিট আৰু ভিভিপেট (অতিৰিক্ত সহ) সমূহ তিনিওটা সমষ্টি অনুযায়ী প্ৰস্তুত কৰা হয়৷  তিনিটা সমষ্টিৰ বাবে শিৱসাগৰ জিলাৰ নিৰ্বাচনী বিষয়া দ্বাৰা মনোনীত বিষয়াসকলৰ উপস্থিতিত ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ই.চি.আই.এলৰ অনুমোদিত ৮ গৰাকী অভিযন্তাৰে এই কাৰ্য সম্পন্ন কৰা হয়৷ কন্ট্ৰ’ল ইউনিট আৰু বেলট ইউনিটত প্ৰাৰ্থীসকলৰ নাম সংযোজন প্ৰপত্ৰ নং-৭(এ) অনুসৰি কৰা হয়। ই.ভি.এম., ভিভিপেট কমিচনিং কার্য ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা আৰু ইলেক্ট্ৰনিক ভোটিং মেচিনৰ হাতপুথিত উল্লেখিত নিৰ্দেশনা অনুসৰি সম্পন্ন কৰা হয়৷ এই হাতপুথি ভাৰতৰ নিৰ্বাচন আয়োগৰ https://www.eci.gov.in/evm-vvpat ৱেবছাইটত উপলব্ধ। এই সম্পূৰ্ণ কমিচনিং প্ৰক্ৰিয়া প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃত ৰাজনৈতিক দলসমূহৰ অনুমোদিত প্ৰতিনিধিসকলৰ উপস্থিতিত সম্পন্ন কৰা হয়৷ এই প্ৰক্ৰিয়াটো শিৱসাগৰ জিলাৰ বাবে নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ তত্বাৱধানত ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলীৰ অনুযায়ী সম্পন্ন কৰা হয়৷ কমিচনিং প্ৰক্ৰিয়া সম্পন্ন কৰা কক্ষটো আৰু চৌপাশ সম্পূৰ্ণৰূপে চি.চি. কেমেৰাৰ নিৰীক্ষণত ৰখা হয় আৰু সমগ্ৰ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত স্থিত নিৰীক্ষণ কক্ষৰ পৰা পৰ্যবেক্ষণ কৰা হয়। সকলো নিৰাপত্তা আৰু লজিষ্টিক ব্যৱস্থাপনা ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সম্পন্ন কৰা হয়। কমিচনিং প্ৰক্ৰিয়াটোৰ নিৰাপত্তা, নিষ্ঠা আৰু স্বচ্ছতা বজাই ৰখাৰ হকে কমিচনিং কক্ষত প্ৰৱেশ কেৱল অনুমোদিত লোকৰ বাবে সীমিত কৰা হয়। দ্বিতীয় ৰেণ্ডমাইজেচনৰ পাছত ৯৫-ডিমৌ বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২৩০টা৷ সমান্তৰালভাৱে কন্ট্ৰ’ল ইউনিট, বেলট ইউনিট আৰু ভিভিপেটৰ সংখ্যাও ২৩০টাকৈ থাকিব৷ অতিৰিক্তভাৱে সমষ্টিটোত কন্ট্ৰ’ল ইউনিট ১০০টা, বেলট ইউনিট ৬৫টা আৰু ভিভিপেটৰ সংখ্যা ৯৩টা ধার্য কৰা হৈছে৷ সেয়ে, সমষ্টিটোত মুঠ কন্ট্ৰ’ল ইউনিট ৩৩০টা, বেলট ইউনিট ২৯৫টা আৰু ভিভিপেটৰ সংখ্যা ৩২৩টা হ’ব৷ একেদৰে ৯৬-শিৱসাগৰ বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২৭৮টা, সমান্তৰাল ভাৱে কন্ট্ৰ’ল ইউনিট, বেলট ইউনিট আৰু ভিভিপেটৰ সংখ্যাও ২৭৮টাকৈ থাকিব৷ অতিৰিক্ত ভাৱে সমষ্টিটোত কন্ট্ৰ’ল ইউনিট ১২৩টা, বেলট ইউনিট ৮৩টা আৰু ভিভিপেটৰ সংখ্যা ১১৩টা৷ সমষ্টিটোত মুঠ কন্ট্ৰ’ল ইউনিট ৪০১টা, বেলট ইউনিট ৩৬১টা আৰু ভিভিপেটৰ সংখ্যা ৩৯১টা৷ আনহাতে ৯৭-নাজিৰা বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২৩৩টা, সমান্তৰাল ভাৱে কন্ট্ৰ’ল ইউনিট, বেলট ইউনিট আৰু ভিভিপেটৰ সংখ্যাও ২৩৩টাকৈ থাকিব৷ অতিৰিক্ত ভাৱে সমষ্টিটোত কন্ট্ৰ’ল ইউনিট ১০১টা, বেলট ইউনিট ৬৬টা আৰু ভিভিপেটৰ সংখ্যা ৯৪টা৷ সেয়ে, সমষ্টিটোত মুঠ কন্ট্ৰ’ল ইউনিট ৩৩৪টা, বেলট ইউনিট ২৯৯টা আৰু ভিভিপেটৰ সংখ্যা ৩২৭টা হ’ব৷ তদুপৰি, কমিচনিং প্ৰক্ৰিয়াৰ সময়ত কোনো ই.ভি.এম.ৰ ইউনিট (কন্ট্ৰ’ল ইউনিট, বেলট ইউনিট বা ভিভিপেট) যদি বিকল বুলি চিনাক্ত হয়, তেনেক্ষেত্ৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ অভিযন্তাসকলে এইসমূহ পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি সংৰক্ষিত অতিৰিক্ত ইউনিটেৰে সলনি কৰা হ’ব আৰু এই সকলো তথ্য ই.এম.এছ. ২.০ চফ্টৱেৰত আপডেট কৰাৰ ব্যৱস্থা কৰা হৈছে৷ নিৰ্বাচনৰ স্বচ্ছতা আৰু শুদ্ধতা নিশ্চিত কৰিবলৈ এই তথ্য সমূহ প্ৰতিদ্বন্দী প্ৰাৰ্থীসকলক তথা নির্বাচনী এজেণ্টসকলক প্ৰদান কৰাৰো ব্যৱস্থা কৰা হৈছে বুলি জিলা নিৰ্বাচনী সংবাদ ব্যৱস্থাপনা কোষে জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post