শিৱসাগৰত সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চৰ বিহু আখৰাৰ শুভাৰম্ভ

আৱাৰ নিউজ এন ই, ৩ এপ্ৰিলঃ'সদৌ অসম বিহু সংস্কৃতি চৰ্চা মঞ্চ'ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত কালি জয়সাগৰস্থিত 'কনক ভৱন'ত এখনি বিহু আখৰাৰ শুভাৰম্ভ কৰা হয়। শিৱসাগৰ জিলা সমিতিৰ সভাপতি ক্ষীৰোদজ্যোতি গগৈয়ে সূত্ৰ ধৰা আৰু কেন্দ্ৰীয় সমিতিৰ অন্যতম উপ-সভাপতি পংকজ চুতীয়াই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা বিহুনাচ, বিহুনাম আৰু ঢোলবাদন আখৰাৰ শুভাৰম্ভণী অনুষ্ঠানটি উদ্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ নাথে বিহুৰ ক্ৰমবিৱৰ্তন আৰু বিহু আখৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে।
মঞ্চৰ জিলা সমিতিৰ সম্পাদক নয়নজ্যোতি গগৈয়ে আমন্ত্ৰিত অতিথিসকলৰ উপৰি আখৰাখনিত অংশগ্ৰহণ কৰা শিশু, সমল ব্যক্তি আৰু উপস্থিত বিহুপ্ৰেমী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰা সৰ্বাংগসুন্দৰ অনুষ্ঠানটিত কেন্দ্ৰীয় সমিতিৰ অন্যতম উপ-সভাপতি নৱদ্বীপ হাজৰিকা আৰু গোবিন গগৈৰ উপৰি কেন্দ্ৰীয় বিষয়ববীয়া ৰূপেশ্বৰ চেতিয়াই উদ্দেশ্যধৰ্মী গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।জিলাখনিৰ ভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰা আখৰাখনিৰ মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বৰ বিহুৱতী চন্দিকা গগৈয়ে। আনহাতে বিতুপ পাতৰ, নয়নজ্যোতি গগৈ, দীপক দাস, প্ৰজ্ঞাশ্ৰী বৰুৱা, মুনু বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, জুলি সন্দিকৈ আৰু দীপিকা শ্যামে আখৰাখনিৰ সহযোগী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা এই আখৰা অহা ৮ এপ্ৰিলত সামৰণি পৰিব বুলি জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post