ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপনঃ ৰাজপথত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

 


আৱাৰ নিউজ এন ই,২১ এপ্ৰিলঃ অসম বুৰঞ্জীৰ অন্যতম সাহসী নাৰী, চুতীয়াজাতিৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ ৫০৩ সংখ্যক স্মৃতি দিৱস ঢকুৱাখনাত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চলকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন অসম তথা ভাতৃ-ভগ্নী সংগঠনসমূহৰ সহযোগত আৰু ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত কালিৰে পৰা ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত এই স্মৃতি দিৱস অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত চুতীয়া জাতিৰ স্বাভিমান আৰু ঐতিহ্যৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। চুতীয়া জাতি সন্মিলনৰ কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ চুতীয়াৰ পৌৰোহিত্যত দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সন্মিলনৰ উপদেষ্টা ড° ৰমেশ চন্দ্ৰ চুতীয়াই। সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা অমিয় কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায়। উক্ত মুকলি সভাতে ৰাজীৱ বৰুৱাৰ দ্বাৰা সম্পাদিত স্মাৰক গ্ৰন্থ "বীৰাঙ্গনা" উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন বৰুৱাই। মুকলি সভাত সদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ, সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা আৰু সদৌ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰুৱা, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰীকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে আজি পুৱা ১১ বজাত  বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে। নিশা অনুষ্ঠিত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰি এল টি কে কলেজৰ সহযোগী অধ্যাপক ড০ ৰণদ্বীপ বৰাই সাৰগৰ্ভ বক্তব্য আগবঢ়ায়।

Post a Comment

Previous Post Next Post