আৱাৰ নিউজ এন ই, ২১ এপ্রিলঃ অসমৰ আদিম ভূমিপুত্র চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে কোঁৱৰপুৰৰ কৃষ্টি বিকাশ সমাজৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড০ প্ৰশান্ত কুমাৰ চুতীয়া, জিলা মহিলা সন্মিলনীৰ সভানেত্রী অর্চনা চুতীয়া, জিলা সমিতিৰ সভাপতি কৃষ্ণকান্ত চুতীয়াই আৰু স্মৃতি তর্পণ কৰে মহিলা সন্মিলনীৰ কার্যকৰী সভানেত্রী কমল কুমাৰ শইকীয়াই। আনহাতে গছপুলি ৰোপণ কৰে কৃষ্টি বিকাশ সমাজৰ সভাপতি উৎপল চুতীয়া আৰু চুতীয়া জাতি সন্মিলনৰ জিলা সমিতিৰ কার্যনির্বাহক সদস্য বিদ্যাধৰ চুতীয়াই। সাধনীৰ প্রতিচ্ছবিত কৃষ্টি বিকাশ সমিতিৰ প্ৰধান সম্পাদক ধ্ৰুৱ প্রসাদ শইকীয়াই মাল্যাৰ্পণৰ পাছতে জুবিন গাৰ্গৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে বাঘৰচুক নামঘৰৰ নামঘৰীয়া উমেশ শইকীয়াই। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰবীন শইকীয়াই। অভ্যর্থনা সমিতিৰ সভাপতি ড০ প্রশান্ত কুমাৰ চুতীয়াই আদৰণি ভাষণ পাঠ কৰা সভাখনত চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কার্যনির্বাহক সদস্য ক্ষীৰোদ খনিকৰ, চুতীয়া জাতি সন্মিলনীৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি কৃষ্ণকান্ত চুতীয়া, সম্পাদক পৰাগ শইকীয়া, চুতীয়া ছাত্ৰ সন্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক দেবাশিস চুতীয়া, জিলা মহিলা সন্মিলনীৰ সম্পাদিকা যীচু মোহন চুতীয়া, কোঁৱৰপুৰ আঞ্চলিক মহিলা সন্মিলনীৰ সভানেত্রী মধুস্মিতা দত্ত বৰা, সম্পাদিকা ৰীতামণি শইকীয়া, চুতীয়া জাতি সন্মিলনৰ সভাপতি অসীম শইকীয়া, সম্পাদক বিদ্যুৎ বিকাশ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী ৰেণুপ্রভা চুতীয়া, শিক্ষক আকবৰ আলী, অভিনৱ দত্ত আদি উপস্থিত থাকি সতী সাধনীৰ স্মৃতি দিৱসত বক্তব্য প্রদান কৰে। মুকলি সভাত লোক শিল্পী তথা ভাৰতীয় ষ্টেট বেংকৰ কর্মচাৰী চিত্রৰঞ্জন শইকীয়া আৰু কণ্ঠশিল্পী শিৱৰাজ অসমক সম্বর্ধনা জনোৱাৰ লগতে দুয়োজন শিল্পীয়ে গীত পৰিবেশন কৰে। সভাত স্থানীয় মহিলাসকলে জেং বিহু কণ কণ শিশুসকলে হুঁচৰি আৰু যুৱকসকলে বিহু প্রদর্শন কৰে।
শিৱসাগৰৰ কোঁৱৰপুৰত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস উদযাপনঃ লোক শিল্পী চিত্রৰঞ্জন শইকীয়া- কণ্ঠশিল্পী শিৱৰাজ অসমক সম্বর্ধনা
byAdmin
-
0
