আৱাৰ নিউজ এন ই, ২১ এপ্ৰিলঃ শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান বৃহত্তৰ জেঙনিকটীয়া যুৱ সমাজৰ উদ্যোগত আজি বিয়লি জেঙনিকটীয়া চাৰিআলিত এখন ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। যুৱ সমাজৰ সভাপতি মৃদুল আলিৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মুকিবুদ্দিন আহমেদে। এই অনুষ্ঠানত বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ অঞ্চলটোৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা তানিছা ৰহমান, কফিল আহমেদ, নাচিহা হাজৰিকা, আব্দুল আয়ান, ৰাফাকত আব্ৰাৰ ৰহিম, মুজাম্মিল আলি, ফাৰিহা আঞ্জুম, বিকু আলি, আফ্ৰিন আহমেদ, নচিউন ফাহমিদা আহমেদ, আফৰা ইবনত, হামৰাজ খুৰচিদ, জিচান জাফ্ৰি, নাদিম তামুলী, চাভানা ৰহমান বড়া, পাৰ্চীয়া নাছমিন হুছেইন, আশ্ৰুফ তামুলী, আচফাৰ আৰিব, আঞ্জুমান বৰ্মন, আলিয়া ৰহমান, জাবিৰ হুছেইন, তচলিমা বেগম, ভৈৰৱী চেতিয়া, আকিবুদ্দিন আহমেদ, ৰুকচানা বেগম, ফাৰিহা ৰহমান আৰু ফিৰদুচ ৰহমানক গামোচা, সম্বৰ্ধনা পত্ৰ আৰু সঁফুৰাৰে অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত ডুন পাব্লিক স্কুলৰ অধ্যক্ষ পল্লৱজ্যোতি বুঢ়াগোহাঁই, ৰংপুৰ জাতীয় বিদ্যা নিকেতনৰ অধ্যক্ষ জাফৰ ইচফাক আলী, সাংবাদিক পেঞ্চনাৰ খাইৰুদ্দিন আহমেদ, বিশিষ্ট কবি ইফতাৰ জাহান খান, জেঙনিকটীয়া জুম্মা মছজিদ পৰিচালনা সমিতিৰ সভাপতি জাহিদ উল্লা, কবৰস্থান সমিতিৰ সভাপতি অৰেল আলি, বিশিষ্ট সমাজকৰ্মী ৰফিক আলিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি কৃতী ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানত কেইবাগৰাকীও কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলেও মনৰ অনুভৱ ব্যক্ত কৰে।
