আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ নিৰ্বাচনী বতাহৰ মাজতে দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। বিশ্বনাথৰ বালিচাঙত প্ৰাৰ্থীগৰাকীয়েহে ৰাইজক গামোচা পিন্ধাই সন্মান জনালে। বিহুৰ প্ৰাক-মুহূৰ্তত বালিচাঙৰ বিভিন্নজনক গামোচাৰে শ্ৰদ্ধা জনালে বিশ্বনাথ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই৷ বালিচাঙৰ নগৰৰ মাজমজিয়াত জ্যেষ্ঠ-কনিষ্ঠৰে মত-বিনিময় কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ গাঁৱে-ভূঞে, চহৰে- নগৰে ৰাইজৰ ওচৰলৈ গৈ মাত এষাৰ দিয়াৰ চেষ্টা কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে জয়ী হ’লে বালিচাঙৰ বিভিন্ন সমস্যা-অভাৱ দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰাৰ্থীগৰাকীয়ে। এই সময়ত শাসক-বিৰোধীয়ে বোকা ছটিওৱা ৰাজনীতিত ব্যস্ত হৈ থকাৰ সময়তে জয়ন্ত বৰাৰ এনে কাৰ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
ব্যতিক্ৰমঃ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই নিৰ্বাচনী প্ৰচাৰত গামোচা পিন্ধালে ভোটাৰ ৰাইজক
byAdmin
-
0
