শিৱসাগৰৰ একাংশ সংগঠনৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীলৈ সমৰ্থনঃ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ প্ৰতিক্ৰিয়া


আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ শিৱসাগৰৰ ৭ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীলৈ সমৰ্থন জনোৱাক লৈ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে,অনুসূচীত জাতিৰ লোকসকলে কাক ভোট দিব সেইটো অনুসূচীত জাতিৰ লোকসকলে নিজে বিচাৰ বিবেচনা কৰিব। অনুসূচীত জাতি ছাত্ৰ সন্থাই প্ৰভাৱ গোষ্ঠী হিচাপেহে কাম কৰিব,আমাৰ দায়িত্ব জাতিটোৰ অভাৱ-অভিযোগ চৰকাৰৰ দৃষ্টিগোচৰ কৰাটোহে।জাতিটোৰ লোকসকলে কাক ভোট দিব তাৰ বাবে কোনো ঠিকাদাৰ দালালৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উল্লেখ্য যে, আজি শিৱসাগৰ বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক অনুসূচীত জাতি ছাত্ৰ সন্থাৰ (মৃদুল দাস) এটা ফৈদে বৈঠকত মিলিত হৈ আওপকীয়াকৈ সমৰ্থন আগবঢ়োৱাৰ পাছতে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে তীব্ৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত।

Post a Comment

Previous Post Next Post