শিৱসাগৰ সমষ্টিত জাতিগত ভোটাৰৰ সমীকৰণঃ ৩২ হেজাৰ মুছলমান ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰাইজৰ দল- বিজেপি- এজিপিৰ



নিউজ ডেস্ক, আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ শিৱসাগৰ বিধানসভা সমষ্টিত ভোটৰৰ জাতিগত সমীকৰণে চিন্তান্বিত কৰি তুলিছে ৰাজনৈতিক দলৰ প্ৰাৰ্থীকেইজনক। যোৱা বিধানসভা নির্বাচনলৈকে শিৱসাগৰৰ ৰাজনৈতিক ফলাফল এক নির্ণায়ক পৰ্যায়লৈ লৈ গৈছিল। কিন্তু এইবাৰ আহোম জনগোষ্ঠী আৰু মুছলমান ভোটৰ সমীকৰণ সমষ্টিটোত পূৰ্বৰ দৰে শক্তিশালী নহয়। ইয়াৰ মূল কাৰণ হৈছে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া। যোৱা নিৰ্বাচনত সমষ্টিটোত সৰ্বাধিক টাই আহোম ভোটাৰ থকাৰ লগতে দ্বিতীয় স্থানত আছিল মুছলমান সম্প্ৰদায়ৰ ভোটাৰ। এই দুই জনগোষ্ঠীৰ ভোটাৰে শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিক সমীকৰণ এটা ফাললৈ ঢাল খুৱাবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ জাতিগত সমীকৰণে আউল লগাইছে। টাই আহোম জনগোষ্ঠীটোৰ ভোটাৰ বৰ্তমানেও প্ৰথম স্থানত আছে যদিও এই সংখ্যা হ্ৰাস পাইছে। আনহাতে দ্বিতীয় স্থানত থকা মুছলমান সম্প্ৰদায়ৰ (গৰিয়া-মৰিয়া) ভোটাৰো দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ কমি অহা দেখা গ’ল। সংখ্যা অনুপাতে যদি লক্ষ্য কৰা যায় তেন্তে শিৱসাগৰ সমষ্টিৰ মুঠ ভোটাৰ প্ৰায় দুই লাখ দহ হেজাৰ। ইয়াৰ ভিতৰত টাই আহোম ভোটাৰৰ সংখ্যা হ’ল প্ৰায় ৫৪ হেজাৰ। কোঁচ সম্প্ৰদায়ৰ প্ৰায় ৩৭ হেজাৰগৰাকী ভোটাৰে দ্বিতীয় স্থান দখল কৰি তৃতীয় স্থানত ৰ’লগৈ প্ৰায় ৩২ হেজাৰ মুছলমান ভোটাৰ। কৈৱৰ্ত্ত সম্প্ৰদায়ৰ প্ৰায় ১৪ হেজাৰ ভোটাৰে চতুৰ্থ স্থানত, চুতীয়া জনগোষ্ঠীৰ ১৩,৫০০ ভোটাৰে পঞ্চম স্থানত, মটক জনগোষ্ঠীৰ প্ৰায় ১১ ভোটাৰে ষষ্ঠ স্থানত, জনজাতি প্ৰায় ১২ গৰাকী ভোটাৰে সপ্তম স্থানত আৰু নাথ-যোগী প্রায় ৫,৫০০ গৰাকী ভোটাৰে অষ্টম স্থানত, চাহ জনগোষ্ঠী ১,৫০০ গৰাকী ভোটাৰ নৱম স্থানত আছে। আনহাতে সমষ্টিটোত ব্ৰাহ্মণ, কলিতা, বাঙালী, হিন্দীভাষী ভোজপুৰী, মাৰোৱাৰী, শিখ, মণিপুৰী, গোৰ্খা আৰু অন্যান্য সম্প্ৰদায়ক ধৰি প্ৰায় ২৮ হেজাৰ ভোটাৰ শিৱসাগৰ সমষ্টিটোত আছে। ইয়াত ভিতৰত সংখ্যা কিছু কম্‌বেছি হ’ব পাৰে। পূৰ্বৰ শিৱসাগৰ সমষ্টিটোত যি ৰাজনৈতিক ভোটাৰৰ সমীকৰণ আছিল ইয়াক সমষ্টি পুনৰ নিৰ্দ্ধাৰণে সালসলনি ঘটোৱাত ৰাজনৈতিক দলসমূহৰ সমীকৰণত খেলি-মেলি লাগিছে। সমষ্টিটোত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ক্ৰমে বিজেপিৰ স্বতন্ত্র প্রার্থী কুশল দুৱৰী,এনডিএৰ সমৰ্থিত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত তথা ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ, আম আদমী পাৰ্টিৰ তপন গগৈ, নির্দলীয় ভৱেন্দ্ৰ নাথ মহন, হেমন্ত বৰুৱা, ৰূপক ভূঞা, ৰাজকুমাৰ দুৱৰা। যদিও বিজেপি আৰু এজিপিৰ মাজত বন্ধুত্বমূল প্রতিদ্বন্দ্বিতা সমষ্টিটোত আগবঢ়োৱা হৈছে বুলি দুয়োটা দলে ক'ব বিচাৰে কিন্তু পৰস্পৰক একপ্ৰকাৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত দেখিবলৈ পোৱা গৈছে। আনহাতে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে প্রথমে অগপৰ প্ৰদীপ হাজৰিকাৰ প্ৰতি কিছু নৰম ভূমিকা লৈছিল যদিও নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আক্রমণাত্মক হৈ পৰা দেখা গৈছে। ইফালে কুশল দুৱৰীক 'হত্যাকাৰী’ আখ্যা দি অখিল গগৈয়ে প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ বিপৰীতে কুশল দুৱৰীয়ে অভিযোগ খণ্ডনৰ চেষ্টা কৰি অখিল গগৈৰ বিৰুদ্ধেও উত্থাপন কৰিছে প্ৰণৱ বড়োৰ হত্যাকে ধৰি বহু অভিযোগ। শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰতে সীমাবদ্ধ হৈ থকা দেখা গৈছে। ইতিমধ্যে ৰাইজৰ দল, কংগ্ৰেছ, বিজেপি আৰু অগপই সমষ্টিটোৰ মুছলমান সমাজৰ কাষ চাপি নিজৰ দলত যোগদান কৰোৱাৰ চেষ্টা কৰোৱাতো উল্লেখযোগ্য। এই প্ৰচেষ্টাই নিৰ্বাচনত কাক কিমান সকাহ দিব পাৰে সেয়া সময়েহে নিৰ্ধাৰণ কৰিব।

Post a Comment

Previous Post Next Post