আৱাৰ নিউজ এন ই, ৫ এপ্ৰিলঃ প্ৰজ্ঞাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবত 'বৌদ্ধিক নেতৃত্ব সন্মিলন' শীৰ্ষক এক অনুষ্ঠান সম্পন্ন হৈ যায়। অনুষ্ঠানত শিৱসাগৰৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক, আধ্যাত্মিক, সামাজিক ক্ষেত্ৰখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ব্যক্তিসকলক আমন্ত্ৰণ কৰি এক সমৃদ্ধিশালী সমাজ গঠনৰ ক্ষেত্ৰত এক আলোচনাত মিলিত হৈ তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে ভাৰত মাতাৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মঞ্জুল কুমাৰ কলিতা আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড° জীৱন কলিতাই। প্ৰজ্ঞাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মনোজ বড়া উপস্থিত থকৰ সভাখনি সঞ্চালনা কৰে ড° জীৱন কলিতাই। সভাৰ উদ্দেশ্য বাখ্যা আৰু প্ৰজ্ঞাৰ সম্পৰ্কে নয়ন নিৰ্বাণ বৰুৱাই বক্তব্য আগবঢ়োৱা সভাত মূল বিষয়ৰ বক্তব্য প্ৰদান কৰে যোৰহাট মহাবিদ্যালৰ অধ্যক্ষ ড° সৌমিত্ৰ পূজাৰীৰ লগতে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড° প্ৰতিম শৰ্মা,শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মঞ্জুল কুমাৰ কলিতা, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ, সাহিত্যিক জীৱন কৃষ্ণ গোস্বামী, অভিনেতা-পৰিচালক মাধূৰ্য্য দত্ত, সমাজকৰ্মী চাদিকুৰ ৰহমান, মৌচুমী সন্দিকৈ, মৌচুমী দত্তকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি প্ৰথমবাৰৰ শিৱসাগৰত আয়োজন কৰা বৌদ্ধিক নেতৃত্ব সন্মিলনখনিৰ লক্ষ্য আৰু উদ্দেশ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰে। ইফালে অনাগত সময়ত অধিক বিস্তৃতভাৱে এই সন্মিলনৰ আয়োজন কৰা হ’ব বুলি জিলা সম্পাদক চিৰঞ্জীৱ চলিহাই জানিবলৈ দিয়ে।
Tags
শিৱসাগৰ
