আৱাৰ নিউজ এন ই, ৫ এপ্ৰিল : পহিলা ব'হাগৰ দিনটোত শিৱসাগৰ জিলা কবি সন্মিলনে ৰূপায়ণ কৰিব ব'হাগী ওলগ নামৰ এটি অনুষ্ঠান। জিলাখনৰ বিভিন্ন অঞ্চলত লুকাই থকা কবিতাপ্রেমী ব্যক্তিসকলক লগত লৈ শিৱসাগৰ জিলা কবি সন্মিলনে বহু বছৰ ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। ইয়াৰ ভিতৰত এক অন্যতম পদক্ষেপ হৈছে ব'হাগী ওলগ। ব'হাগৰ বতৰত সমাজ-সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা জ্যেষ্ঠ ব্যক্তিসকলক এঈ অনুষ্ঠানৰ যোগেদি শ্রদ্ধা আৰু মৰম নিবেদন কৰে সন্মিলনে। 'ব'হাগী ওলগ' অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে সম্পাদক প্ৰাঞ্জল আবিৰ দাসে।
Tags
শিৱসাগৰ
