আৱাৰ নিউজ এন ই, ৫ এপ্ৰিলঃ ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপন দিবলৈ কেন্দ্ৰীয় চৰকাৰে বহুকেইটা আঁচনি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ ঐতিহ্য প্ৰসাৰ (PM-VIKAS) আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় দুহেজাৰ যুৱক-যুৱতীৰ বাবে এক বৃত্তিমুখী প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্দ্ধাৰিত এই আঁচনিৰ জৰিয়তে বৃত্তিমুখী প্ৰশিক্ষণৰ জৰিয়তে নিজাববীয়াকৈ সংস্থাপনৰ বাবে গঢ়ি তোলাৰ দায়িত্ব গ্ৰহণ কৰিছে NECTARয়ে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি নগৰৰ আমোলাপট্টি চলি থকা এই নিবনুৱা যুৱক-যুৱতীসকলে ফুড প্ৰচেছিংৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত নিজৰ দক্ষতা বিকাশ কৰাৰ বাবে পাঁচমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি পাঁচ মাহৰ মূৰত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা এক জলপানি লাভ কৰিব বুলি জানিবলৈ দিছে।
Tags
শিৱসাগৰ
