হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে দ্বিতীয় শীৰ্ষ স্থানত শিৱসাগৰঃ সামগ্ৰিক ফলাফল সন্তোষজনক



ষ্টাফ ৰিপৰ্টাৰ, আৱাৰ নিউজ এন ই, ১০ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আজি ঘোষিত এই ফলাফলত ৮৪.০৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় শিৱসাগৰ জিলাই। শিৱসাগৰ জিলাৰ মুঠ ৮৭২৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩০০৬ গৰাকীয়ে প্ৰথম স্থান, ৩৫৩৯ গৰাকীয়ে দ্বিতীয় স্থান আৰু ৭৯২ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে। এই পৰীক্ষাত ৮৭২৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭৩৩৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক হিচাপে বিবেচিত হৈছে। বিশেষকৈ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া আৰু গণিত বিষয়ত এশ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ শিৱসাগৰলে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলকো উৎফুল্লিত হৈ পৰা দেখা গৈছে। শিৱসাগৰৰ অতি পুৰণি আগশাৰীৰ শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা মুঠ ১২০ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৭৬ গৰাকীয়ে প্ৰথম,৩৯ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। এগৰাকীয়ে ডিষ্টিংচন, ১৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু ৯৮ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়। শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা মুঠ ১১৫ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ ৫১ গৰাকীয়ে প্ৰথম, ৫৩ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। এগৰাকীয়ে  ডিষ্টিংচন আৰু ৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। এই বিদ্যালয়খনৰ পৰা গৰিমা বড়া নামৰ এগৰাকী ছাত্ৰীয়ে অসমীয়া বিষয়ত এশ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়। শিৱসাগৰৰ থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৭ গৰাকী প্ৰথম, ৩২ গৰাকী দ্বিতীয় আৰু এগৰাকীয়ে তৃতীয় স্থান লাভ কৰে। বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ১১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৭ গৰাকী প্ৰথম, ৬৭ গৰাকী দ্বিতীয় আৰু ৬ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে। সুন্দৰমল মডাৰ্ণ স্কুলৰ পৰা মুঠ ৬৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬৬ গৰাকীয়ে প্ৰথম স্থান আৰু দুগৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। ইয়াৰ ভিতৰত ১১ গৰাকীয়ে ডিষ্টিমচন আৰু ১৬ গৰাকীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হয়।গধুলা ব্ৰাউন ইংলিচ স্কুলৰ পৰা মুঠ ৮১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪২ গৰাকী প্ৰথম আৰু ৩৯ গৰাকীয়ে দ্বিতীয় স্থানত উৰ্ত্তীণ হয়। হলিনেম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ১১০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১০০ গৰাকী প্ৰথম আৰু ৯ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। ইয়াৰ ভিতৰত ২০ গৰাকীয়ে ডিষ্টিংচন আৰু ২৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। শিৱসাগৰৰ টি,আৰ, বি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা মুঠ ৫৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫২ গৰাকী প্ৰথম আৰু ৫ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। ইয়াৰ ভিতৰত ৫ গৰাকীয়ে ডিষ্টিংচন আৰু ২০ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। আদৰ্শ শিক্ষা ভৱনৰ পৰা মুঠ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১২ গৰাকী প্ৰথম আৰু ১৫ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। এগৰাকী ছাত্ৰ্ই ডিষ্টিংচন লাভ কৰে। শিৱসাগৰৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা মুঠ ১৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৯ গৰাকীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ্য়। ৪ গৰাকীয়ে ডিষ্টিংচন আৰু ৭ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। এই বিদ্যালয়খনৰ পৰা গণিত বিষয়ত ৰাজলক্ষ্মী মহন আৰু প্ৰিন্স হাজোৱাৰীয়ে এশ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা মুঠ ৪৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৭ গৰাকী প্ৰথম আৰু ১৯ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে। দুগৰাকীয়ে ডিষ্টিংচন আৰু ৫ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। আৰ্যভট্ট একাডেমীৰ পৰা মুঠ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৪ গৰাকীয়ে ডিস্টিংচন আৰু ৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। এই বিদ্যালয়খনৰ ছাত্ৰ ফজল ৰবে গণিত বিষয়ত এশ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়। শিৱসাগৰৰ নিউ লুক একাডেমী বিদ্যালয়ৰ পৰা মুঠ ৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন আৰু ১৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। শিৱসাগৰৰ চফি মাৰ্চী মেমৰিয়েল স্কুলৰ পৰা মুঠ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ্য়। ইয়াৰ ভিতৰত ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। এই বিদ্যালয়খনৰেই প্ৰতিভাবান ছাত্ৰ ছাত্ৰী ঋষভ দত্ত, চানিয়া তনবীৰা আৰু সেউজকুহি বৰগোহাঁয়ে অসমীয়া বিষয়ত এশ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়। তদুপৰি দিব্যজ্ঞান বৰা, ক্ৰিষ্টিনা কোঁৱৰ আৰু আয়ুষ ভট্টাচাৰ্য্ই সাধাৰণ গণিত বিষয়ত এশ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ্য়। বিদ্যাভৱন ডিমুৱালৰ ৪ গৰাকীয়ে অসমীয়াত ১০০ নম্বৰ লাভ কৰাৰ লগতে ৯ গৰাকী ডিষ্টিংচন আৰু ১৯ গৰাকী ষ্টাৰ মাৰ্কসহ ৪৯ গৰাকী প্ৰথম বিভাগ, ৬ গৰাকী দ্বিতীয় স্থান, ৪৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকীয়ে প্ৰথম, ২১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে৷ হাঁহচৰা নগাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪ গৰাকী ষ্টাৰ মাৰ্কসহ ১৮ গৰাকী প্ৰথম বিভাগ, ২২ গৰাকী দ্বিতীয় বিভাগ, ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪ গৰাকীয়ে প্ৰথম, ১২ গৰাকীয়ে দ্বিতীয়, ৪ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ভূৱন গগৈ মেম’ৰিয়েল অসম পলিটেকনিক ইন্সটিটিউটৰ এগৰাকীয়ে বিজ্ঞানত লেটাৰ মাৰ্কসহ ৫ গৰাকী প্ৰথম, ১২ গৰাকী দ্বিতীয়, ১ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে৷ ৰংপুৰ জাতীয় বিদ্যা নিকেতনৰ ৩ গৰাকী ষ্টাৰ মাৰ্কসহ ৫ গৰাকী প্ৰথম, ২ গৰাকী দ্বিতীয় স্থান লাভ কৰে৷ বেতবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৫ গৰাকী ষ্টাৰ মাৰ্ক, ১৪ গৰাকী লেটাৰ মাৰ্কসহ সহ ৭ গৰাকী প্ৰথম বিভাগ, ৭ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এগৰাকীয়ে অসমীয়াত ১০০ নম্বৰ লাভ কৰে৷ আনহাতে সিংহদ্বাৰ শংকৰদেৱ শিশু নিকেতনৰ ১ গৰাকী ডিষ্টিংচন, ৩ গৰাকী ষ্টাৰ মাৰ্ক, ২২ গৰাকী লেটাৰ মাৰ্কসহ ১২ গৰাকী প্ৰথম স্থান, ৫ গৰাকী দ্বিতীয় স্থান লাভ কৰে৷ বিদ্যালয়খনে ২০১৪ বৰ্ষৰ পৰা একেৰাহে এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অব্যাহত ৰাখিছে৷ বেতবাৰী আলিমূৰ জ্ঞানোদয় হাইস্কুলৰ ১০ গৰাকী ষ্টাৰ মাৰ্কসহ ৪৯ গৰাকী প্ৰথম বিভাগ, ৬ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে৷ এশ শতাংশ উত্তীৰ্ণ হোৱা দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ষ্টাৰ মাৰ্কসহ ২০ গৰাকী প্ৰথম বিভাগ, ৪ গৰাকী দ্বিতীয় বিভাগ, বাঁহগড় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬ গৰাকীয়ে লেটাৰ মাৰ্কসহ ৫ গৰাকী প্ৰথম বিভাগ, ১০ গৰাকী দ্বিতীয় বিভাগ, ১ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়৷ ঐতিহাসিক শিৱসাগৰ জিলাখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা সন্দৰ্ভত নৱনিয়ুক্ত বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বড়াই সংবাদ মাধ্যমৰ আগত কয় যে, আহোম ৰাজত্বৰ গৌৰৱময় স্বাক্ষৰ বহন কৰা ঐতিহাসিক শিৱসাগৰৰ এক সুকীয়া ঐতিহ্য আছে। আমি শিৱসাগৰত যোগদান কৰাৰ দুদিনমানৰ পাছতেই এই ফলাফল লাভ কৰিছোঁ। অহা বছৰৰ পৰীক্ষাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ ভিতৰতেই পূৰ্বৰ দৰে শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে শিক্ষা বিষয়া সমীৰণ বড়াই।

Post a Comment

Previous Post Next Post