আৱাৰ নিউজ এন ই, ১০ এপ্ৰিলঃ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শিৱসাগৰৰ জিলাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে শিৱসাগৰ চফী মাৰ্চি মে’মৰিয়েল স্কুলৰ ছাত্ৰী তথা কুকুৰাপহীয়া নিবাসী চাদিক আলি আৰু মফিদা বেগমৰ কন্যা চানিয়া তানৱাৰাই বিশেষ সফলতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। চানিয়াই অসমীয়াত ১০০, গণিতত ৯৯, ইংৰাজীত ৯৮, সমাজ বিজ্ঞানত ৯৩, বিজ্ঞানত ৯৬, ঐচ্ছিক গণিতত ৯৪ নম্বৰসহ মুঠ ৫৮০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে নগৰৰ কেপিএম চাৰিআলি নিৱাসী ৰাজলক্ষ্মী মহনে ৯৫.৬৭% সহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁ সাধাৰণ গণিত আৰু উচ্চ গণিতত ১০০, অসমীয়াত ৮৭, ইংৰাজীত ৯৬, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৪ নম্বৰ লাভ কৰিছে। ৰাজলক্ষ্মী ৰাজু মহন আৰু পাপৰী মহন্তৰ দ্বিতীয় কন্যা। শিৱসাগৰ চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ ছাত্ৰী ৰাজলক্ষ্মীয়ে ভবিষ্যতে তেওঁ বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। শিৱসাগৰ ফুকন নগৰৰ প্ৰফুল্ল ফুকন পথৰ প্ৰয়াত ঋষি দত্ত আৰু শিল্পীকা দত্তৰ পুত্ৰ তথা চফি মাৰ্চী মেম’ৰিয়েল বিদ্যালয়ৰ ছাত্ৰ ঋষভ দত্তই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত ১০০, ইংৰাজীত ৯৩, সাধাৰণ গণিতত ৯২, সাধাৰণ বিজ্ঞানত ৯৬, সমাজ বিজ্ঞানত ৯২, ঐচ্ছিক গণিতত ৮৭ নম্বৰ লাভ কৰি ডিষ্টিংচনসহ উৰ্ত্তীণ হয়।
Tags
শিৱসাগৰ
