পহিলা ব’হাগত ঐতিহাসিক ৰংঘৰ বাকৰিত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতিঃ প্ৰতীকি স্বৰ্গদেউক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰলৈ সাংস্কৃতিক শোভাযাত্রাঃ প্ৰদৰ্শন হ’ব অসমৰ খ্যাতনামা বিহু হুঁচৰি, জনগোষ্ঠীয় তাই বিহু, গাভৰু বিহু



আৱাৰ নিউজ এন ই, ১২ এপ্ৰিলঃ সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ ৰংপুৰবাসী ৰাইজৰ সহযোগত ৰংঘৰ বাকৰিত পহিলা ব’হাগৰ দিনা এদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। বিহুৰ পুৰণি পৰম্পৰাক শ্রদ্ধা জনোৱাৰ লগতে বিহুৰ মূল শিপাডালক উঠি অহা নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত ৰঙালী বিহু উদযাপনৰ জৰিয়তে বিগত ১৭ বছৰ ধৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্রিত কৰি সমন্বয়ৰ এক অসম গঢ়াৰ প্ৰয়াস কৰিছে আটাছুৱে। পুৱা ৯ বজাত বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ মুখ্য ব্যৱস্থাপক বসন্ত গগৈয়ে আৰু বিহুৱান উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি অখিল আহোমে। আনহাতে মৈদাম তৰ্পণ কৰিব আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক প্রতীম শইকীয়া, কার্যনির্বাহক সদস্য মৌচুম বুঢ়াগোহাঁয়ে। তাৰ পাছত পুৱা ১০ বজাত প্রতীকি স্বৰ্গদেউক লগত লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্রা আৰম্ভ হ’ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব থাওৰা সমষ্টিৰ প্রাক্তন বিধায়ক কুশল দুৱৰীয়ে। বিধায়ক অখিল গগৈয়ে উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন খ্যাতিসম্পন্ন বিহু হুঁচৰি, জনগোষ্ঠীয় তাই বিহু, গাভৰু বিহুদল আৰু আমন্ত্ৰিত জনপ্রিয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে এশ ঢুলীয়া, নাচনীয়ে বিহু নৃত্য প্রদর্শন কৰিব। অনুষ্ঠানত চৰাইদেউ, মৰাণৰ বিৰিণা, ডিগবৈৰ পছোৱা, শিৱসাগৰৰ নিমাইজান, যোৰহাটৰ জেৰেঙা, শিমলুগুৰিৰ খামচেং, বকতা সমন্বয়, দিৰৈপৰীয়া, চুকাফা, কনচেং হুঁচৰি দলৰ লগতে দৰিকাপৰীয়া নিমাইজানৰ এটি দলে জেং বিহু পৰিৱেশন কৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জিলা আয়ুক্ত মৃদুল য়াদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, অ' এন জি চি (অসম এচেট) সম্পদ প্রবন্ধক অমিত কুমাৰ উপাধ্যায় আৰু জাতীয় জনগোষ্ঠীয় সংগঠন নেতৃবৃন্দ। ইফালে স্মৃতিগ্ৰন্থ 'ৰংঘৰৰ ৰণশিঙা' উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। অনুষ্ঠানত লোকসংস্কৃতিৰ সাধক দ্বীজেন গগৈক বিশেষভাৱে সম্বৰ্ধনা জনাব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।


Post a Comment

Previous Post Next Post