মুছলমানৰ উন্নয়ন আৰু কল্যাণৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰা প্ৰাৰ্থীক বিবেক ভোট প্ৰদান কৰক -উজনি অসম মুছলিম কল্যাণ পৰিষদ



আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ  আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত আজি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰস্থ কেন্দ্ৰীয় কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ একাংশ বিষয়ববীয়া আৰু শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই কয় যে, উজনি অসমৰ মুছলমানৰ কল্যাণ আৰু উন্নয়নৰ হকে যি ৰাজনৈতিক দল অথবা প্ৰাৰ্থীয়ে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিব সেই ৰাজনৈতিক দল অথবা প্ৰাৰ্থীৰ প্ৰতিহে নৈতিক সমৰ্থন থাকিব। উজনি অসম মুছলিম কল্যাণ পৰিষদ এটা অৰাজনৈতিক সংগঠন। ইয়াত ৰাজনীতিৰ কোনো স্থা নাই। কল্যাণ পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, ৯০ দশকৰ পৰা আজি পৰ্যন্ত উজনি অসমৰ ১০ খন জিলাত আহোম যুগৰ পৰা বৰ্তমানলৈকে বসবাস কৰি অহা মুছলমানসকল সৰ্বদিশৰ পৰা শোষিত নিষ্পেষিত আৰু অৱহেলিত হৈ আহিছে। "আলি আৰু কুলিৰ" শ্লগানেৰে সুদীৰ্ঘকাল শাসন চলোৱা কংগ্ৰেছ চৰকাৰৰ দিনতো মুছলমানসকলে নিজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। বিজেপি চৰকাৰখনেও অসমৰ খিলঞ্জীয়া মুছলমানৰ বাবে আৰ্থ-সামাজিক জৰীপৰ প্ৰতিশ্ৰুতি দিও সেই প্ৰতিশ্ৰুতি পালন নকৰিলে। বড়াই কয় যে, অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে শাসনাধিষ্ঠ দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে উজনি অসম মুছলিম কল্যাণ পৰিষদে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। বিশ্বায়ন আৰু বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ যুগত কোনো বিবেকবান মানুহে কাৰোবাৰ শ্ৰুতলিপি অনুসৰি ভোটদান নকৰে। কল্যাণ পৰিষদৰ কৰ্মীসকল কোনো ৰাজনৈতিক দলৰ আজ্ঞাবাহী ভৃত্য নহয়। কোনোবাই ব্যক্তিগতভাৱে কোনোবা ৰাজনৈতিক দল অথবা প্ৰাৰ্থীৰ প্ৰতি সহানুভূতিশীল হোৱাটো ব্যক্তিগত বিষয়। সেয়েহে উজনি অসমৰ ১০ জিলাৰ প‌্ৰতিটো বিধানসভা সমষ্টিৰ মুছলমান ৰাইজে মুছলমানসকলৰ উন্নয়নৰ বাবে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থীকহে বিবেক ভোট প্ৰদান কৰিবলৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই আহ্বান জনায়। এই অনুষ্ঠানত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

Post a Comment

Previous Post Next Post