ৰূদ্ৰসাগৰত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা




আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ ‘সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ’ আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তথা বৃহত্তৰ ৰূদ্ৰসাগৰবাসীৰ সহযোগত শনিবাৰে ৰূদ্ৰসাগৰৰ নপুখুৰীত বিনামূলীয়া বিহু নাচ আৰু ঢোলবাদনৰ এটি কৰ্মশালা শুভাৰম্ভ হয়৷ কৰ্মশালাখনিৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰ;লন কৰি শিল্পীগৰাকীৰ অমৰ সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত’ পৰিৱেশন কৰা হয়৷ অ’ এন জি চিৰ অসম সম্পদৰ সৰ্বভাৰতীয় অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সমিতিৰ সম্পাদক জগত হাজৰিকাই কৰ্মশালাখনি উদ্বোধন কৰি অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই উঠি অহা প্ৰজন্মটোক বিহুসংস্কৃতিৰে সংপৃক্ত কৰি ৰখাৰ চেষ্টাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক প্ৰশংসা কৰে৷ লগতে হাজৰিকাই বিহুৰ ঐতিহ্য, মাদকতা, পৰম্পৰা, ক্ৰমবিৱৰ্তন আৰু বিহু আখৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে৷ উদ্বোধনী অনুষ্ঠানটোত সংগীতদম্পত্তী সত্যজিৎ বড়া, বৃষ্টিপ্ৰিয়া বড়া, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিদ্যুৎ দাস, সাংবাদিক সত্যজিৎ নাথ, যুৱ সমাজকৰ্মী অভিনৱ দত্তকে ধৰি বহুসংখ্যক গণা-মান্য ব্যক্তি উপস্থিত থাকে৷ অহা ১১ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনিত অঞ্চলটোৰ প্ৰায় শতাধিক শিশুৱে প্ৰশিক্ষণ গ্ৰহণ কৰে৷

Post a Comment

Previous Post Next Post