শিৱসাগৰত শিশুৰ জন্মৰ বিসংগতি সম্পৰ্কে সজাগতা সভা সম্পন্ন





আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ শিৱসাগৰ ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান জংগমৰ উদ‍্যেগত আৰু শিৱসাগৰ ছোৱালী মহাবিদ‍্যালয়ৰ সহযোগত বিশ্ব স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ ছোৱালী মহাবিদ‍্যালয়ত শিশুৰ জন্মৰ বিসংগতি সম্পৰ্কে এখনি সজাগতা সভা সম্পন্ন হয়। প্ৰায় আশীগৰাকী নৱপ্ৰজন্মৰ ছাত্ৰীৰ উপস্থিতিত মুখ‍্য বক্তা হিচাবে অংশগ্ৰহণ কৰে অসম মেডিকেল কলেজৰ অধ‍্যক্ষ তথা শিশু শৈল‍্য বিভাগৰ মুৰব্বী ডাঃ হেমন্ত কুমাৰ দত্তই। জংগমৰ প্ৰতিষ্ঠাপক সদস‍্য মনোজ কুমাৰ ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটিত জংগমৰ সম্পাদক শ‍্যামন্ত ঘোষ, শিৱসাগৰ ছোৱালী কলেজৰ অধ‍্যক্ষ ড০ প্ৰতীম শৰ্মাই আদৰণি ভাষণেৰে সম্ভাষণ জনায়। ডাঃ বন্দনা গুপ্তা আৰু শৰৎ হাজৰিকাই এনেধৰণৰ অনুষ্ঠান নৱপ্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। মুখ‍্য বক্তা ডাঃ হেমন্ত দত্তই শিশু জন্ম দিয়াৰ পূৰ্বে মহিলাসকলে গুৰুত্ব দিবলগীয়া বহুকেইটা দিশৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে শাৰীৰিক-মানসিক দিশত গুৰুত্ব দি জন্মগত শিশু বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত সাৱলীল বক্তব‍্য আগবঢ়ায়। অনুষ্ঠানত জংগমৰ কাৰ্য‍কৰী সভাপতি সঞ্জীৱ নাৰায়ণ দাস, ৰাজহংস ক্লাবৰ ৰাজীৱ বৰপূজাৰীকে মুখ‍্য কৰি কেইবাগৰাকী গণ‍্যমান‍্য ব‍্যক্তি উপস্থিত থাকে। জংগমৰ সদস‍্য মৃণাংক শইকীয়াই শলাগ জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post