আৱাৰ নিউজ এন ই, ৮ এপ্ৰিলঃ অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ বাবে কাইলৈ অনুষ্ঠিত হ’ব ভোটদান প্ৰক্ৰিয়া৷ ইয়াৰ ব্যতিক্ৰম নহয় শিৱসাগৰো৷ শিৱসাগৰৰ তিনিটা সমষ্টিৰ বাবেও ইতিমধ্যে নগৰৰ শিৱসাগৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা ই ভি এমৰ লগতে যাৱতীয় সামগ্ৰীসমূহ লৈ বিভিন্ন ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ভোটদান প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকল৷ এক উদুলি-মুদুলি পৰিৱেশ নগৰত৷ গন্তব্যস্থানলৈ যাবলৈ বিভিন্ন যান-বাহনসমূহ সাজু কৰিবৰ বাবে আনকি আজি কেন্দ্ৰীয় বজাৰো পুৱাৰ পৰা দিনৰ দুই বজালৈ বন্ধ ৰখা দেখা গৈছিল৷ এইবাৰ শিৱসাগৰৰ তিনিটা সমষ্টিৰ সৰ্বমুঠ ৭৪১ টা ভোটকেন্দ্ৰত ভোটদান সম্পন্ন হ’ব৷ ৯৫ নং ডিমৌ বিধানসভা সমষ্টি, ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টি আৰু ৯৭ নং নাজিৰা সমষ্টিৰ ক্ৰমে ২৩০ টা, ২৭৮ টা আৰু ২৩৩ টা ভোটকেন্দ্ৰত ভোটদান সম্পন্ন হ’ব৷ ইয়াৰে ৮ টা মডেল ভোটকেন্দ্ৰ৷ তিনিওটা সমষ্টিত ২৯৬৪ জন পুৰুষ আৰু ১৫০ গৰাকী মহিলা প’লিং অফিচাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব৷ আনহাতে ৪১ টা ভোটকেন্দ্ৰ অতিকে স্পৰ্শকাতৰ বুলি জানিবলৈ পোৱা গৈছে৷ তথাপি জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই সকলো সুকলমে হৈ যাব বুলি আশা প্ৰকাশ কৰি সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে আৰক্ষী বাহিনীৰ লগতে ১৭ টা চিআৰপিএফ কোম্পানী মোতায়েন কৰা হৈছে৷ যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ শিৱসাগৰৰ প্ৰশাসন সাজু বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে৷
শিৱসাগৰৰ তিনি সমষ্টিৰ ৭৪১ টা ভোটকেন্দ্ৰত হ’ব ভোটদান: প্ৰশাসনে গঢ়ি তুলিছে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা
byAdmin
-
0
