শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী তথা অগপ নেতা প্ৰদীপ হাজৰিকাৰ সংবাদ মেল

 


শিৱসাগৰৰ প্ৰতিবেদক, আৱাৰ নিউজ এন ই, ৭ এপ্ৰিলঃ বিধান সভা নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোত আজি শিৱসাগৰ সমষ্টিৰ এনডিয়ে প্ৰাৰ্থী অগপ দলৰ প্ৰদীপ হাজৰিকাই এক সংবাদ মেল সম্বোধন কৰে।শিৱসাগৰ নগৰৰ সমীপৰ সুন্দৰপুৰত প্ৰদীপ হাজৰিকাই সংবাদমেল সম্বোধন কৰি এনডিএৰ প্ৰাৰ্থীৰূপে তেওঁক প্ৰক্ষেপ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজে এনডিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ লগতে ৰাইজৰ সঁহাৰি কামনা কৰে।আনহাতে ২০২৯ চনত হ'বলগীয়া সমষ্টি পুনৰনিৰ্দ্ধাৰণত অসম বিধান সভা সমষ্টিৰ আসন ৬৩ খন বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীৰ বক্তব্যক দোহাৰি অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে আমগুৰি সমষ্টি পুনৰ গঠন হ'ব বুলি আশা প্ৰকাশ কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমগুৰি সমষ্টিৰ পৰা কোনো চৰকাৰী কাৰ্যালয় আঁতৰাই নিনিয়ে বুলি কৰা মন্তব্যক তেওঁ আজিৰ সংবাদ মেলত ধন্যবাদ জ্ঞাপন কৰে। আনহাতে শিৱসাগৰ সমষ্টিৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ সমষ্টিৰ ঐতিহ্য আৰু মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত শিৱসাগৰ ৰাইজে এএনডিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ তেওঁ আজিৰ সংবাদ মেলৰ জৰিয়তে ৰাইজক আহবান জনায়।আগন্তুক দিনত শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ'লে তেওঁ সমষ্টিৰ বাবে কৰিবলগীয়া উন্নয়ন সন্দৰ্ভত নিজ বক্তব্য ৰাখি কয় যে আৰ্থ-সামাজিক-শৈক্ষিক উন্নয়নৰ বাবে শিৱসাগৰ সমষ্টিত কৰিবলগীয়া বহুকেইটা উন্নয়নমূলক আধৰুৱা কাম আছে।শিৱসাগৰ সমষ্টিৰ মৰ্যাদা অটুট ৰাখিবলৈ এইসমূহ কাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, মোক এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে ইতিমধ্যে সমষ্টিত প্ৰক্ষেপ কৰা হৈছে।দিল্লীৰ পৰা মোৰ টিকট আহিছে।যদি মই মিত্ৰজোঁটৰ প্ৰাৰ্থী নহ’লো হয় তেন্তে মোৰ প্ৰাৰ্থীত্ব বাতিল কৰিব পাৰিলে হয়।কিন্তু এয়া নাই কৰা বুলি তেওঁ উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে মোৰ নাম আজিৰ সভাত নল’ব পাৰে কিন্তু মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ আহবান জনাই আহিছে। আনহাতে অখিল গগৈয়ে ৰুদ্ৰসিংহ ষ্টেডিয়াম অখিল গগৈৰ চেষ্টাৰ ফচল বুলি দাবী কৰা কাৰ্যক তেওঁ হাস্যকৰ আখ্যা দি কয়, বিধানসভাৰ প্ৰচিডিং চালে এই বিষয় স্পষ্ট হৈ পৰিব যে, এই ষ্টেডিয়ামৰ পোষকতা কোনে কৰিছিল। অখিল গগৈয়ে নকৰা কামৰ শ্ৰেয় লবৰ চেষ্টা কৰাটো উচিত নহয় বুলি মন্তব্য কৰে।

Post a Comment

Previous Post Next Post