আৱাৰ নিউজ এন ই, ২১ এপ্ৰিলঃ শিৱসাগৰ জিলাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজিৰে পৰা পশুধনৰ বাবে সপ্তম পৰ্যায়ৰ চবকা ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (Seventh Round of Foot and Mouth Disease Control Programme- FMD-CP) অভিযান আৰম্ভ কৰা হৈছে। চলিত বৰ্ষত জিলাখনৰ ১,৮০,০০০ পশুধনক উক্ত কাৰ্যসূচীৰ অধীনত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে, এইবাৰ ভেকচিনৰ প্ৰদানৰ লগে লগে ভাৰত পশুধন এপত ভেকচিনৰ তথ্য আপলোড কৰিব লাগিব আৰু তাৰ বাবে পশুধনৰ গৰাকীৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা অটিপি (OTP) দিব লাগিব। আনহাতে, পশুধন পঞ্জীয়নৰ ক্ষেত্ৰত পশুধনৰ গৰাকীৰ আধাৰ কাৰ্ডৰ তথ্য দিয়াটো বাধ্যতামূলক বুলি জানিবলৈ দিছে।
