শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ৰ গীটাৰ বাদন প্ৰতিযোগিতাঃ বিশিষ্ট শিল্পীক সম্বৰ্ধনা অনুষ্ঠান





আৱাৰ নিউজ এন ই, ২১ এপ্ৰিলঃ শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ে ২৫ টা বৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষত বছৰজোৰা কাৰ্যসূচীৰে এলানি অনুষ্ঠানৰ আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছে। প্ৰথম কাৰ্যসূচীৰূপে অহা ২৬ এপ্রিলত ৰংপুৰ সংগীত মঞ্চৰ সহযোগত বিদ্যালয়খনিৰ এগৰাকী শুভাকাংক্ষী শিল্পী মজহাৰুৰ ৰহমান (জেৰী ৰহমান)ৰ সোঁৱৰণত দিনৰ ১০-৩০ বজাৰ পৰা এখনি গীটাৰ বাদন প্রতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে সন্ধিয়া এটি সাংস্কৃতিক অনুষ্ঠানো শিল্পীগৰাকীৰ সোঁৱৰণত আয়োজন কৰিছে। উক্ত অনুষ্ঠানটিতে সংগীতৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই অহা গুৱাহাটীৰ শাস্ত্রীয় সংগীতৰ সাধক- পণ্ডিত বিদ্যুৎ কুমাৰ মিশ্র, তেজপুৰৰ চেতাৰ শিল্পী দুলালী তামুলী, তেজপুৰ, শিৱসাগৰৰ শিল্পী ডাঃ অঞ্জনা শৰ্মা আৰু বিশিষ্ট তবলা শিল্পী মাইনা বেজবৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি পাৰিজাত সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰণতি বৰুৱাই জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post