শিৱসাগৰৰ সমাজহিতৈষী, শিক্ষাবিদ ক্ষীৰেশ্বৰ গগৈৰ দেহাৱসানঃ অঞ্চলজুৰি শোকৰ ছাঁ

আৱাৰ নিউজ এন ই, ৫ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ খঁৰাগড় ঘোঁৰাচোৱা গাঁৱৰ নিবাসী সমাজহিতৈষী, বিশিষ্ট শিক্ষাবিদ, ৰূপজান মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শলগুৰি মুকুল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শলগুৰি আঞ্চলিকৰ প্ৰাক্তন সভাপতি ক্ষীৰেশ্বৰ গগৈৰ ৮৬ বছৰ বয়সত বাধক্যজনিত কাৰণত আজি নিজা বাসভৱনত দেহাৱসান ঘটে। দৈনিক জনমভূমি আৰু এন কে টিভিৰ শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক জয়জ্যোতি গগৈৰ পিতৃ প্ৰয়াত ক্ষীৰেশ্বৰ গগৈ খঁৰাগড় আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰ, খঁৰাগড় যুৱ চ'ৰা আদি সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল। দেহাৱসানৰ সময়ত তেখেতে পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, নাতি-নাতিনীসহ এটি বৃহৎ পৰিয়াল ইহ-সংহাৰত এৰি থৈ যায়। অঞ্চলটোৰ অন্যতম সক্ৰিয় আৰু স্বাস্থ্যসচেতন ব্যক্তিগৰাকীৰ দেহাৱসান খবৰ বিয়পি পৰাৰ লগে লগে ভালে সংখ্যক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কালুগাঁও প্ৰেছ ক্লাব, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ জিলা ই-মেডিয়া সংস্থা, নামতি প্ৰেছ ক্লাব, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আটাছুৰ শিৱসাগৰ জিলা সমিতি, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থা, সামাজিক অনুষ্ঠান বটবৃক্ষ, ৰয়েল আহোম চ'ছাইটী, কালুগাঁও শাখা কবি সন্মিলন, শলগুৰি মুকুল সাহিত্য সভা, নদী-সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী, শলগুৰি আঞ্চলিক ছাত্ৰ সন্থা, খঁৰাগড় আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰ, কালুগাঁও কলা ক্ৰীড়া সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকন, আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, কালুগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ৰাজকুমাৰ শ্ৰীকনচেঙকে আদি কৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Post a Comment

Previous Post Next Post