আৱাৰ নিউজ এন ই, ২১ এপ্ৰিলঃ ঐতিহাসিক ৰংঘৰ বাকৰিত কালি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত চেৰা বিহু তথা ব'হাগৰ সাতবিহুৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট শিল্পী, বিহু সম্ৰাট খগেন গগৈক 'স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা -২০২৬' প্ৰদান কৰে। বঁটা গ্ৰহণ কৰি খগেন গগৈয়ে কয় যে - ' স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰোৱাই ৰং-ৰহইচ উপভোগ কৰিছিল। এই বঁটা প্ৰদান কৰাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। মই পূৰ্বৰ শিৱসাগৰ জিলাৰ সন্তান আৰু বৰ্তমান ৪০ বছৰ গুৱাহাটীৰ বাসিন্দা হ'লেও এখেতসকলে মোক যিটো সন্মান যাঁচিলে । মই ভাল পালোঁ, অতি সুখ পালোঁ। স্বৰ্গদেউ বুলি ক'লে মনটো ভাল লাগি যায়।’ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিক কৃতজ্ঞতা জ্ঞাপনেৰে বঁটা গ্ৰহণ কৰি খগেন গগৈয়ে কেইবাটাও বিহু নাম গাই ৰাইজৰ লগত নাচি-বাগি আনন্দ উপভোগ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাকলৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খগেন গগৈয়ে কয় যে - 'জুবিনৰ লগত মোৰ বৰ ভাল সম্পৰ্ক আছিল। অসমৰ ৰাইজ ৰৈ আছে জুবিনৰ ন্যায় লাগে বুলি। ৰাইজে এতিয়া চিঞৰি আছে আৰু চিঞৰি থাকিব। আমিও বিচাৰোঁ জুবিনৰ ন্যায়। জুবিনৰ ঘটনাকলৈ এতিয়া মহামান্য ন্যায়ালয়ত বিচৰাধীন হৈ আছে। এই বিষয়ত এতিয়া মাত মতাতো যুক্তিসংগত নহয়।" শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বঁটা প্ৰদানৰ পূৰ্বে সভাপতি সুশীল বৰুৱাই ৰাইজক আদৰণি জনায়। সমিতিৰ উপসভাপতি প্ৰদীপ গগৈ, সাতবিহু উদযাপন সমিতিৰ সভাপতি ভূৱন চেতিয়া, যুটীয়া সম্পাদক প্ৰদীপ সন্দিকৈ আৰু দিগন্ত চেতিয়া, ড০ সীমান্ত বৰুৱা, দ্ৰোণ খঙীয়া আদি সমিতিৰ বিষয়ববীয়াসকলে খগেন গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতিকূল বতৰকো নেওচি পুৱা পতাকা উত্তোলন কৰে সুশীল বৰুৱা আৰু ভূৱন চেতিয়াই। কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ প্ৰয়াত বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰফুল্ল চন্দ্ৰ গগৈ আৰু প্ৰদীপ গগৈয়ে। ইয়াৰ পাছত কণী যুঁজ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অৱসৰী শিক্ষক তথা জ্যেষ্ঠ নাগৰিক উমা কোঁৱৰে উদ্বোধন কৰা কণী যুঁজ প্ৰতিযোগিতাত প্ৰফুল্ল চন্দ্ৰ গগৈ, উমা কোঁৱৰ, প্ৰদীপ গগৈ, মণিৰুল ইছলাম বড়া, প্ৰদীপ সন্দিকৈ আদি বিশিষ্ট ব্যক্তি সকলে কণীযুঁজত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ এটা শাখাত মাধুৰ্য্য বড়া, শৰৎ গগৈয়ে আৰু আনটো শাখাত কেশৱানন্দ গগৈ, বিপ্লৱ শইকীয়া বিজয়ী হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত দেওৰজাৰ গোমচেং হুঁচৰি দল, বৰ অসম ৰাংঢালি সাংস্কৃতিক দল, শিৱসাগৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ হুঁচৰি দল, জয়সাগৰ শাখা সাহিত্য সভাৰ জেংবিহুকে ধৰি কেইবাটাও সাংস্কৃতিক দলে বিহু প্ৰদৰ্শন, অৱসৰী আৰক্ষী বিষয়া সুশীল লাহনে গছৰ পাতৰ সহায়ত গীতৰ সুৰ, সুৰভী বৰগোহাঁই বৰুৱা আৰু সুনীল শৰ্মাই গীত পৰিবেশন কৰি ৰাইজক মুগ্ধ কৰে। বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড০ সীমান্ত বৰুৱাই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, কাৰ্যসূচীৰ আৰম্ভণিতে জাৰ্মানীৰ পৰা অহা ৰংঘৰ বাকৰিলৈ অহা দুই পৰ্যটক বাৰবাৰা বাক্সা আৰু ৰামোৱা মূল্লা, সন্মিলিত গগৈ ঐক্য মঞ্চৰ সম্পাদক চন্দন গগৈ, সংগ্ৰামী সেনা অসমৰ সভাপতি পংকজ খাউণ্ড, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সাংগঠনিক সম্পাদক ৱালিফুৰ ৰহমান, অসমীয়া যুৱ মঞ্চৰ জিলা সম্পাদক বিষ্ণু শইকীয়া, ওৰাঙৰ জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ ডেকাক অসমীয়া জাতিৰ স্বাভিমান বিহুৱানেৰে আদৰণি জনায়।
শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ ৰংঘৰ বাকৰিত সাতবিহু উদযাপনঃ বিহু সম্ৰাট, বিশিষ্ট শিল্পী খগেন গগৈক 'স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা’ প্ৰদান
byAdmin
-
0
