আৱাৰ নিউজ এন ই, ৬ এপ্ৰিলঃ এসময়ত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে কেনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সেই কথা বৰ্ণনা কৰি অৰূপ কলিতাই ৰচনা কৰা 'সন্ত্ৰাসৰ সেই দিনবোৰ' শীৰ্ষক এখন গ্ৰন্থক লৈ আজি শিৱসাগৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।সংগঠনটোৰ নেতা বিদ্যুৎ শইকীয়াই আগন্তুক বিধানসভা নিৰ্বাচনত কুশল দুৱৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়োৱাক লৈ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ এই কিতাপখনৰ প্ৰচাৰত নামি পৰিছে বুলি তেওঁ উল্লেখ কৰে।
Tags
শিৱসাগৰ
