গড়গাঁও মহাবিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন



আৱাৰ নিউজ এন ই, ২২ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষা অনুষ্ঠান গড়গাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ উদ্যোগত আয়োজিত এই বিশেষ অনুষ্ঠানটোৰ মূল লক্ষ্য আছিল পৰিৱেশ সংৰক্ষণ আৰু ধৰিত্ৰীৰ সুৰক্ষা সন্দৰ্ভত সকলোৰে মাজত সচেতনতা বৃদ্ধি কৰা। দিৱসৰ লগত সংগতি ৰাখি আয়োজিত আলোচনা চক্ৰত মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিলীপ কুমাৰ ডেকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ থাকে। ড০ ডেকাই নিজৰ ভাষণত বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতাই ধৰিত্ৰীৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ পৃথিৱীখন বাসৰ উপযোগী হোৱাকৈ সমাজৰ সামূহিক সহযোগিতা, পৰিৱেশ সজাগতাৰ দৰে কামবোৰ জীৱন ধাৰণৰ অন্য বিষয়ৰ দৰে স্বাভাৱিক প্ৰক্ৰিয়ালৈ লৈ যোৱা, বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত বহনক্ষম উন্নয়নৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি যোৱা ইত্যাদি কেইবাটাও দিশত নিজৰ মনোভাৱ প্ৰকাশ কৰি উপস্থিতসকলক উপকৃত কৰি তোলে। অনুষ্ঠানত আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ সুৰজিৎ শইকীয়াকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ যথেষ্ট সংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে৷ বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি ভূগোল বিভাগে লোৱা পদক্ষেপক মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, কবি নিবন্ধকাৰ ড০ সব্যসাচী মহন্তই বিশেষ শলাগ লয়৷

Post a Comment

Previous Post Next Post