আৱাৰ নিউজ এন ই, ২৩ এপ্ৰিলঃ চাওলুং চুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ অসমৰ প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ শিৱসাগৰ কাৰ্যালয়টি কালি শিৱসাগৰ ছোৱালী কলেজত মুকলি কৰা হয়। আকাশ দুৱৰীয়ে আঁত ধৰা অনুষ্ঠানৰ প্ৰথমেই কেন্দ্ৰীয় সাধাৰণ সম্পাদক জয়ন্ত পাটৰে কয় যে, ১২২৮ চনতে চাওলুং চুকাফাই এই ভূখণ্ডৰ লুইত-পাটকাই সভ্যতাৰ অষ্ট্ৰ-মংগোলয়ড জনসমাজৰ সাংস্কৃতিক সমন্বয়ৰ সূচনা কৰি সকলো থলগিৰি সমাজক সমন্বয় আৰু সম্প্রীতিৰে আঁকোৱালি লৈ যি অসমীয়া মহাজাতি আৰু বৰঅসমৰ ভেটি গঢ়ি তুলিছিল সেই মহাজাতিয়ে ২০২৮ বৰ্ষত আঠশ বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে। প্ৰজন্মৰ পৰা প্ৰজন্মই বিভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰেই মহাজাতি পৰিক্ৰমাক কঢ়িয়াই লৈ আহিছে আজিৰ জুবিন যুগলৈকে বুলি মন্তব্য কৰে জয়ন্ত পাটৰে। আনহাতে কাৰ্যালয় মুকলি কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ যোগেশ বৰা আৰু অসমৰ সাংস্কৃতিক জগতৰ এটি চিনাকি নাম বৰষাৰাণী বিষয়াই। ড০ যোগেশ বৰাৰ পাছতে বৰষাৰাণী বিষয়াই নিজৰ বক্তব্যত আয়োজক সমিতিৰ প্ৰচেষ্টাৰ শলাগ লৈ কয় যে, নিজৰ ইতিহাস জনাটো যুৱ প্ৰজন্মৰ বাবে অতিকে প্ৰয়োজনীয়৷ এটা জাতি ইতিহাস-সংস্কৃতি- ভাষা অবিহনে কেতিয়াও গঠন হ’ব নোৱাৰে আৰু জীয়াই থাকিব নোৱাৰে৷ গতিকে জাতিটোক চিৰ যুগমীয়া কৰি ৰাখিবলৈ আমি আমাৰ ইতিহাসক লগত লৈ আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে৷ অনুষ্ঠানত অধ্যক্ষ ড০ প্ৰতীম শৰ্মাৰ লগতে ধীৰেন চেতিয়া, ফুলবৰ দিহিঙীয়া, দিলীপ চাংমাই, প্ৰবীণ শৰ্মা, প্ৰদীপ বৰগোহাঁই, ব্ৰাজিল চুতীয়া, পল্লবী বুঢ়াগোহাঁই, অনামিকা দাস, শিল্পী হাতীবৰুৱা দাসকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।
শিৱসাগৰত চাওলুং চুকাফাৰ অসমীয়া মহাজাতিৰ গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ আঠশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ কাৰ্যালয় মুকলিঃ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ অংশগ্ৰহণ
byAdmin
-
0
