শিৱসাগৰৰ মান্যতাৰ চিচিআৰটিৰ বৃত্তি লাভ



আৱাৰ নিউজ এন ই, ২২ এপ্ৰিলঃ শিৱসাগৰৰ বানমুখ গোহাঁই গাঁৱৰ মান্যতা গগৈয়ে প্রথম প্রচেষ্টাতে 'বিহু নাচ'ৰ বাবে ভাৰত চৰকাৰৰ 'সাংস্কৃতিক মন্ত্ৰালয়'ৰ অধীনৰ CCRT (Centre of Cultural Resources and Traning) ২০২৫-২৬ ৰ বৃত্তি লাভ কৰি বানমুখ তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। মান্যতাই মাজুলীৰ প্ৰখ্যাত লোকশিল্পী নবীন কলিতাৰ তত্বাৱধানত এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বানমুখ গোহাঁই গাঁৱৰ শিক্ষক দম্পতি লক্ষীনাথ গগৈ আৰু বৰ্ণালী গগৈৰ কন্যা মান্যতাই বর্তমান ৰাজশ্রী নাথৰ দিব্যাঞ্জলী নৃত্যালয়ত বিহুনাচ, সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইতিমধ্যে 'প্রতিদিন বিহুৰে বিৰিণা'ৰ ছেমিফাইনেল পর্যায়ত উপনীত হোৱা মান্যতাই অসমৰ বিভিন্ন মঞ্চত 'মৌ কুঁৱৰী', 'সৰু বিহুৱতী'ৰ সন্মান লাভ কৰিছে। মান্যতা শিৱসাগৰ জিলাৰ হ'লিনেম হায়াৰ চেকেণ্ডাৰী স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী।

Post a Comment

Previous Post Next Post