ক্ৰীড়া প্ৰতিবেদক, আৱাৰ নিউজ এন ই, ৭ এপ্ৰিলঃ ঝাৰখণ্ডত বিগত ৩ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গ্ৰামীণ ফুটবল প্ৰতিযোগিতাত অসমৰ ছিনিয়ৰ দলে বিহাৰ ফুটবল দলক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে৷ দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱা দলটোক উল্লেখনীয় খেলুৱৈ হিচাপে অসম দলটিত আছিল শিৱসাগৰৰ কৃতাৰ্থ দত্ত৷ নগৰৰ আমোলাপট্টিৰ নিবাসী প্ৰমোদ দত্ত আৰু মমী গগৈৰ একমাত্ৰ সন্তান কৃতাৰ্থই ছয় বছৰ বয়সৰ পৰাই ফুটবলৰ প্ৰতি আকৰ্ষিত হৈ বৰ্তমান পিলিক চৌধুৰী, দেওকণ ট্ৰফী, সুজিত নাৰ্জাৰী ট্ৰফী, সন্তোষ ট্ৰফী, বৰদলৈ ট্ৰফী, ৰাজ্যিক ভিত্তিত খেল মহাৰণ, ৰাষ্ট্ৰীয় ভিত্তিত খেল মহাৰণ প্ৰতিযোগিতাসমূহৰ লগতে তিনিবাৰকৈ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত মূল খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰি এবাৰ ৰাণাৰ্চ আৰু দুবাৰকৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰোপৰি কৃতাৰ্থ দত্তই ফিফাৰ লাইচেঞ্চপ্ৰাপ্ত শিৱসাগৰৰ একমাত্ৰ কনিষ্ঠ খেল পৰিচালক৷ চিনিয়ৰ অসমৰ বিজয়ী দলটোক পৰিচালক তথা প্ৰশিক্ষক হিচাপে দায়িত্বত আছিল সুদীপ্ত শইকীয়া৷ ১৯ বছৰীয়া কৃতাৰ্থৰ এই সফলতাত শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান ‘ঐক্য’ৰ লগতে শিৱসাগৰ জিলা ক্ৰীড়া- সাংবাদিক সন্থাই কৃতাৰ্থক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে৷
Tags
শিৱসাগৰ
