আৱাৰ নিউজ এন ই, শিৱসাগৰ, ৭ এপ্ৰিল: ২০২৬ বৰ্ষৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটাৰসকলে যাতে সুকলমে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে, সেই উদ্দেশ্যে জিলাখনৰ তিনিটাকৈ বিধানসভা সমষ্টিত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। প্ৰশাসনিক নিৰ্দেশ অনুসৰি, উক্ত সমষ্টিকেইটাৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বেংক তথা বিত্তীয় প্ৰতিষ্ঠান, চাহ বাগান আৰু সৰু-বৰ সকলো কল-কাৰখানা বন্ধ থাকিব। ইয়াৰোপৰি পঞ্চায়তী ৰাজ অনুষ্ঠান, নগৰীয়া স্থানীয় নিকায় আৰু সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবেও এই বন্ধ কাৰ্যকৰী হ’ব। জিলা প্ৰশাসনে জনোৱা অনুসৰি, নিৰ্বাচন প্ৰক্ৰিয়াত সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
