আৱাৰ নিউজ এন ই, ৭ এপ্ৰিলঃ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবছৰো অহা ২ ব’হাগ, ১৯৪৮ শক [১৬ এপ্ৰিল, ২০২৬], বৃহস্পতিবাৰে বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ ব’ৰ্ডিং খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে৷ বিহুৰ পুৰণি পৰম্পৰাক শ্ৰদ্ধা জনোৱাৰ লগতে বিহুৰ মূল শিপাডালক উঠি অহা নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰি অহা মুকলি বিহুৰ জৰিয়তে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ ধ্বজাবাহক ৰঙালী বিহুটি পৰম্পৰাগতভাবে উদ্যাপনৰ প্ৰয়াস কৰি আহিছে৷ উক্ত দিনা পুৱা ১০-০০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই আৰু বিহুৱান উত্তোলন কৰিব উদ্যাপন সমিতিৰ সভাপতি ড° সব্যসাচী মহন্তই৷ আনহাতে পুৱা ১০-৩০ বজাত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াই ছহিদ তৰ্পণৰ পাছতে পুৱা ১১ বজাত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ, বিয়লি ৩ বজাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে খ্যাতিসম্পন্ন হুঁচৰি, গাভৰু বিহু দলে অংশগ্ৰহণ কৰিবলগীয়া মুকলি বিহু আৰু বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব বিশিষ্ট শিক্ষাবিদ, লোক-সংস্কৃতিৰ গৱেষক ড॰ অনিল শইকীয়াই৷ অনুষ্ঠানত বহুকেইগৰাকী শিৱসাগৰৰ বহুকেইগৰাকী শিক্ষাবিদৰ লগতে সমাজজীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ ইফালে সন্ধ্যা ৭ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে৷ অনুষ্ঠানত শিৱসাগৰ জিলা উপায়ুক্ত মৃদুল য়াদব মুখ্য অতিথি, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মহাদেৱ পাটগিৰি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়া, অ’ এন জি চি অসম সম্পদৰ সম্পদ প্ৰবন্ধক অমিত কুমাৰ মুখোপাধ্যয় বিশিষ্ট অতিথিৰ লগতে সদৌ অসম ছাত্ৰ কেন্দ্ৰীয় বিষয়ববীয়াসমূহ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধ্যাত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই গীত পৰিৱেশন কৰিব বুলি উদ্যাপন সমিতিৰ তৰফৰ পৰা জানিবলৈ দি শিৱসাগৰবাসীৰ উপস্থিতি কামনা কৰিছে।
শিৱসাগৰ বৰ্ডিং খেলপথাৰত ২ ব’হাগত ‘আছু’ৰ মুকলি বিহুৰ প্ৰস্তুতি
byAdmin
-
0
