শিৱসাগৰ ছোৱালী কলেজত জয়মতী স্মৃতি দিৱস উদযাপন: মঞ্চস্থ হ’ল কালজয়ী নাটক ‘সতী জয়মতী’



আৱাৰ নিউজ এন ই, ৬ এপ্ৰিল: আজি শিৱসাগৰ ছোৱালী কলেজৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ সহযোগত অতি আড়ম্বৰপূৰ্ণভাৱে 'জয়মতী স্মৃতি দিৱস' উদযাপন কৰা হয়। সতী জয়মতীৰ মহান ত্যাগক স্মৰণ কৰি মহাবিদ্যালয়ৰ মুকলি ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১২:৩০ বজাত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ যোগেশ বৰাই। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এক আকৰ্ষণীয় আদৰণি নৃত্য প্ৰদৰ্শন কৰে। বিশিষ্ট কবি প্ৰেম গগৈয়ে জয়মতী উৎসৱৰ তাৎপৰ্য আৰু সতী জয়মতীৰ আদৰ্শৰ ওপৰত এক বিশেষ বাখ্যা আগবঢ়ায়। আজিৰ এই বিশেষ দিনটোৰ মূল আকৰ্ষণ আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ অচ্যুত লহকৰ দেৱৰ দ্বাৰা ৰচিত আৰু ভৱসিন্ধু দাসৰ পৰিচালনাত মঞ্চস্থ হোৱা কালজয়ী নাটক ‘সতী জয়মতী’। বিশিষ্ট নাট্যকৰ্মী প্ৰশান্ত শৰ্মাই নাটকখন উদ্বোধন কৰে। ছাত্ৰীসকলৰ বলিষ্ঠ অভিনয়ে উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰি তোলে।  নাটকৰ মুখ্য চৰিত্ৰ জয়মতী ভাৱত নিতিশা শইকীয়া, গদাপাণি চৰিত্ৰত পাৰ্শ্বতী শইকীয়া, ল'ৰাৰজা চৰিত্ৰত পিংকী গগৈ, ডালিমী চৰিত্ৰত  মহিমা চাংমাই অভিনয় কৰা উপৰিও অন্যান্য চৰিত্ৰত অভিনয় কৰা ছাত্ৰী সকল হ'ল ভাৰতী গগৈ, অন্বেষা বৰপাত্ৰগোঁহাই, সপ্তমী দত্ত, নিশিতা চলিহা, দ্বীপ শিখা দাস, পৰী হাজৰিকা, প্ৰজন্মা দত্ত,  বৰষা চুতীয়া, জানমুন, পাহি বড়া, কল্পনা বড়া, প্ৰিন্সী লিকচন, প্ৰিয়ংকা গগৈ, সুকন্যা বৰগোহাঁই, কুঁহি বৰগোহাঁই, অংকিতা চেতিয়া, স্নেহা দিহিঙীয়া, অংকিতা শইকীয়া, জানমণি গগৈ, মৌচুমী বৰুৱা, মনালিছা, আশিষপৰ্ণা বৰা, অভিলেখা খাউণ্ড আদি I নাটকৰ লগত জড়িত সকলো কলা-কুশলীৰ চিনাকি পৰ্বৰে এই দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে। বীৰাংগনা জয়মতীৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত বিলোৱাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানে মহাবিদ্যালয়ৰ সাংস্কৃতিক সচেতনতাৰ এক নিদৰ্শন দাঙি ধৰিছে বুলি উপস্থিত সকলোৱে মতপোষণ কৰে।

Post a Comment

Previous Post Next Post