আৱাৰ নিউজ এন ই, ১৯ এপ্ৰিলঃ সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত যোৱা ৩ ব’হাগত দ’লমুখ চাৰিআলিৰ ড॰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপত দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদ্যাপন কৰে৷ পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে সংগ্ৰামী সেনা অসমৰ সভাপতি পংকজ খাউণ্ডে পতাকা আৰু উদ্যাপন সমিতিৰ সভাপতি বকুল বৰঠাকুৰে বিহুৱান উত্তোলন কৰে৷ আনহাতে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰাঞ্জল পূজাৰী আৰু মানস শইকীয়াই৷ পুৱা ১০ বজাত মঞ্চ মুকলি কৰি আটাছুৰ সভাপতি বসন্ত গগৈয়ে কৃষি উৎসৱৰ বৰ্তমানৰ অৱস্থালৈ বিৱৰ্তন ঘটা ৰঙালী বিহুৰ সম্পৰ্কত সাৰগৰ্ভ বক্তব্য আগবঢ়ায়৷ আনহাতে বিশিষ্ট সাংবাদিক মণিৰুল ইছলাম বড়াই কণী যুঁজ উদ্বোধন কৰাৰ পাছতে উপস্থিত সকলোৱে কণীযুঁজত অংশগ্ৰহণ কৰে৷ উক্ত অনুষ্ঠানতে লোক-সংস্কৃতিৰ সাধক দ্বিজেন গগৈ আৰু বৰ বিহুৱা লাচিত ফুকনক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সম্বৰ্ধনা গ্ৰহণ কৰি দ্বিজেন গগৈয়ে নিজে নিৰ্মাণ কৰা বিভিন্ন বাদ্যযন্ত্ৰ পৰিৱেশন কৰে আৰু লাচিত ফুকনে বিহু সম্পৰ্কীয় ভাষণ প্ৰদানৰ লগতে বিহু প্ৰদৰ্শনেৰে উপস্থিত ৰাইজক মুগ্ধ কৰে৷ অনুষ্ঠানত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গৰ লগতে উদ্যোক্তা সংগঠনৰ যুটীয়া সম্পাদক মিণ্টু দুৱৰা আৰু লুইজ হাজৰিকা, উদযাপন সমিতিৰ যুটীয়া সম্পাদক যদুমণি বড়া, মানসজ্যোতি ভৰালী উপস্থিত থাকে৷ ইফালে পৰৱৰ্তী কাৰ্যসূচীত হুঁচৰি, ঢোলবাদন, জেং বিহু, পেঁপাবাদন, অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে৷ সাংস্কৃতিক অনুষ্ঠানত ৰেৱজিৎ ৰাজ, দুৰ্লভ আদিত্য, মাইনা বেজবৰুৱা, তপন ৰাজ আদিয়ে গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷
শিৱসাগৰত সংগ্ৰামী সেনা অসমৰ ৰঙালী বিহু উদ্যাপনঃ লোকশিল্পী দ্বিজেন গগৈ আৰু বৰ বিহুৱা লাচিত ফুকনক সম্বৰ্ধনা
byAdmin
-
0
