আৱাৰ নিউজ এই ই, ১৯ এপ্রিলঃ বিশ্ব শান্তি সমিতিৰ উদ্যোগত আৰু ইণ্ডিয়ান বডী বিল্ডিং আৰু ফিটনেছ ফেডাৰেশ্যন (IBBFF) ৰ তত্ত্বাৱধানত ১২ আৰু ১৩ এপ্রিলত বিহাৰৰ গয়া জিত অনুষ্ঠিত ১৯ সংখ্যক ছিনিয়ৰ সৰ্বভাৰতীয় শৰীৰচৰ্চা প্রতিযোগিতাত সদৌ অসম ফিজিক আৰু ফিটনেছ সংস্থাৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক অতনু বৰুৱা আৰু উপ-সভাপতি ড° খগেন গগৈৰ নেতৃত্বত অসমৰ এটি ১৭জনীয়া দলে অংশ গ্রহণ কৰে। পুৰুষৰ ৮টা বিভাগত অনুষ্ঠিত প্রতিযোগিতাৰ ৫টাতে সোণ, ২টা ৰূপ, ৩টা ব্ৰঞ্জ পদকৰ লগতে অন্যান্য স্থান অৰ্জন কৰি সৰ্বশ্রেষ্ঠ দল হিচাপে পৰিগণিত হয়। ফলসমূহ হৈছে ক্রমে ৫৫ কেজিত দীপু দত্ত প্রথম, ৬০ কেজিত সন্তোষ যাদৱ প্রথম, ৬৫ কেজিত মুজাহিদুল ইছলাম দ্বিতীয়, ৮০ কেজিত পৰিতোষ ৰয় প্রথম, ৭৫ কেজিত সন্তোষ বড়ো প্রথম, দিলীপ কুমাৰ দেউৰী পঞ্চম, ৮০ কেজিত আকিউৰ জামান তৃতীয়, কুলদীপ গগৈ চতুর্থ, পংকজ কুন্দু পঞ্চম, ৮৫ কেজিত মানক ডেকা তৃতীয়, ৮৫ কেজি ঊর্ধ্বৰ বিতু মণি চেতিয়া প্রথম, মাষ্টাৰ্ছত মুজাহিদুল ইছলাম দ্বিতীয়, দিলীপ কুমাৰ দেউৰী চতুৰ্থ, পংকজ কুন্দু পঞ্চম, মেন মডেল ফিজিকত ৫ ফুট ৭ইঞ্চিৰ তলৰ, ৰাজদীপ পাল পঞ্চম, ৫ফুট ৭ ইঞ্চিৰ ঊর্ধ্বৰ জোনাক দৈমাৰী চতুৰ্থ, মহিলাৰ মডেল ফিজিকত জুৱাই সেনগুপ্তা তৃতীয় আৰু মিষ্টাৰ ইণ্ডিয়া-২০২৬ পৰিতোষ ৰয় বুলি সমন্বয়ক দেৱজ্যোতি গগৈয়ে জানিবলৈ দিয়ে।
সুদীৰ্ঘ ২০ বছৰৰ পিছত শিৱসাগৰৰ সু-সন্তান পৰিতোষ ৰয়ৰ মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন
byAdmin
-
0
