আৱাৰ নিউজ এন ই, ২০ এপ্ৰিলঃ শিৱসাগৰ চেছ একাডেমীৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি কালি অনুষ্ঠিত হৈ যায়। বিগত বছৰৰ দৰে কে’ক কাটি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে শিৱসাগৰ চেছ একাডেমীৰ সভাপতি ডাঃ প্ৰশান্ত প্ৰতিম শৰ্ম্মাই। যোৱা ২৪-২৯ মাৰ্চত শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হৈ যোৱা শিৱসাগৰ অপেন - ২০২৬ ৰ জমা-খৰচৰ খতিয়ান দাঙি ধৰে শিৱসাগৰ চেছ একাডেমীৰ সম্পাদক জাকিৰ আলিয়ে। প্ৰতিযোগীৰ ভৰ্তি মাচুল, সুহৃদ দাতাসকলে আগবঢ়োৱা প্ৰাইজমানী আৰু দান-বৰঙণিৰ পৰা সংগ্ৰহ হোৱা ১১,২৭, ৯০০/ (এঘাৰ লাখ সাতাইশ হাজাৰ নশ) টকাৰ ভিতৰত বিভিন্ন শিতানত খৰচ হয় ৯, ৮২,৩০৮/ (ন লাখ বিৰাশী হাজাৰ তিনিশ আঠ) টকা। ৰাহি হয় ১,৪৫, ৫৯২ / (এক লাখ পঞ্চলিছ হাজাৰ পাঁচশ বিৰান্নৱৈ) টকা। প্ৰতিষ্ঠা দিৱস উপলক্ষে একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত দবা প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে ভাৰত শৰ্মা আৰু নৃপেন্দ্ৰ কুমাৰ শৰ্মাই। শিৱসাগৰ চেছ একাডেমীৰ সভাপতি ডাঃ প্ৰশান্ত প্ৰতিম শৰ্মা, মৃণাল বৰবৰা, ডঃ বসন্ত সন্দিকৈ, হেমন্ত কুমাৰ গগৈ আৰু প্ৰণৱ বৰাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।
