আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত বিজেপি প্ৰাৰ্থীক মুকলি সমৰ্থন জনাই সংগঠনটোৰ ৰোষত পৰিছে টাই আহোম যুৱ পৰিষদৰ সভাপতি দিগন্ত তামুলী৷ কালি শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে নগৰৰ মাজমজিয়াৰ বিলাসী হোটেল স্কাই চেফত টাইপাৰ লগতে মুঠ সাত সংগঠনৰ নেতৃবৃন্দৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকৰ আয়োজন কৰিছিল৷ বৈঠকৰ অন্তত সংগঠনকেইটাৰ নেতাসকলে সংবাদ মাধ্যমৰ সন্মুখত বিজেপি প্ৰাৰ্থীগৰাকীক পৰোক্ষভাৱে সমৰ্থন জনাই বিভিন্ন মন্তব্য প্ৰকাশ কৰিছিল৷ টাইপাৰ সভাপতি দিগন্ত তামুলীয়েও নিজৰ মত প্ৰকাশ কৰি অন্যান্য কথাৰ লগতে চৰকাৰৰ এজন প্ৰত্যক্ষ বিধায়ক শিৱসাগৰবাসীয়ে বিচাৰে বুলি কৈছিল৷ কুশল দুৱৰীৰ কথাত আশ্বস্ত হোৱা বুলি কোৱাৰ লগতে ৰাইজেও আশ্বস্ত হ’ব বুলি মন্তব্য কৰিছিল টাইপাৰ নেতাজনে৷ আজি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে জনোৱা মতে, মুখ্য উপদেষ্টা দিলীপ গগৈৰ আহ্বানক্ৰমে টাইপাৰ এখন কৰ্ণধাৰ বৈঠক অনুষ্ঠিত হয়৷ সভাত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে শিৱসাগৰ সমষ্টি বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীক মুকলি সমৰ্থন দিয়াৰ কথা সংবাদ মাধ্যমত ওলোৱা বিষয়টোৰ সন্দৰ্ভত চৰ্চা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ টাইপাৰ মজিয়াত কোনো দল বা ব্যক্তিক এনেধৰণৰ মুকলি সমৰ্থন আগবঢ়োৱা কোনো সিদ্ধান্ত হোৱা নাছিল৷ সংবাদ মাধ্যমত দিয়া বক্তব্য সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত, সেয়া টাইপাৰ বক্তব্য নহয় বুলি মন্তব্য কৰে৷ আলোচনাৰ অন্তত সভাই কাৰ্যকৰী সভাপতি চাও ভৃগু হাটীমূৰীয়াক বিষয়টো তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰি নিজৰ অৰাজনৈতিক চৰিত্ৰত অটুট ৰাখিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় যুটীয়া সম্পাদক শোভন কোঁৱৰ আৰু দীপ দুৱৰাই৷
Tags
শিৱসাগৰ
